নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি টি–২০ বিশ্বকাপঃ একমাত্র ভাৰতীয় আম্পায়াৰ মেনন

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ সমাগত টি–২০ বিশ্বকাপৰ ৰাউণ্ড ৱান আৰু ছুপাৰ ১২ ৰাউণ্ডৰ মেচৰ বাবে আই চি চিয়ে বৃহস্পতিবাৰে ২০গৰাকী মেচ অফিচিয়েলৰ নাম ঘোষণা কৰিছে৷ এই তালিকাত একমাত্র ভাৰতীয় আম্পায়াৰ হিচাপে স্থান পাইছে নীতিন মেননে৷

আনহাতে, ভাৰতৰ প্রাক্তন বেগী বলাৰ জৱাগল শ্রীনাথে মেচ ৰেফাৰীৰ দায়িত্ব লাভ কৰিছে৷ ওমান আৰু ইউ এ ইত অহা ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিবলগীয়া বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেলৰ মেচ অফিচিয়েলৰ নাম পৰৱর্তী সময়ত ঘোষণা কৰা হ’ব৷

ইফালে, অহা ২৪ অক্টোবৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া হাইভল্টেজ মেচখনৰ আম্পায়াৰৰ দায়িত্ব লাভ কৰিছে দক্ষিণ আফ্রিকাৰ মাৰাইছ ইৰাছমাছ আৰু ইংলেণ্ডৰ ক্রিছ গাফানিয়ে৷ ডেভিদ ব’নক এই মেচখনৰ মেচ ৰেফাৰীৰ দায়িত্ব অর্পণ কৰা হৈছে৷

You might also like