নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহাবাৰ চেন্নাই ছুপাৰ কিংছত দেখা নাপাব পাৰে ধোনীক!

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ আই পি এলৰ আগন্তুক ছিজনত চেন্নাই ছুপাৰ কিংছৰ শিবিৰত পুনৰ দেখিবলৈ পোৱা যাব নে নাযায়, সেই সন্দর্ভত গভীৰ অনিশ্চয়তাত ভুগিছে অধিনায়ক মহেন্দ্র সিং ধোনী৷ বৃহস্পতিবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলা মেচখনৰ টছৰ সময়ত ৪০ বছৰীয়া তাৰকাগৰাকীয়ে নিজেই এই কথা সদৰী কৰে৷

‘আগন্তুক বর্ষত মোক আপোনালোকে খেলপথাৰত দেখিবলৈ পাব৷ কিন্তু মই চি এছ কেৰ হৈ খেলি থাকিব পাৰিমনে, তাক লৈ যথেষ্ট অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ ইয়াৰ কাৰণ হ’ল অহা বর্ষত দুটাকৈ নতুন দল আই পি এলত অন্তর্ভুক্ত হ’ব৷ সেয়ে খেলুৱৈৰ ৰিটেনচন পলিচীৰ ব্যাপক সালসলনি ঘটাৰ সম্ভাৱনা আছে৷ কিমানগৰাকী বিদেশী, কিমানগৰাকী ভাৰতীয় খেলুৱৈক দলসমূহে ৰিটেইন কৰিব পাৰিব, সেয়া এতিয়াও আমি জানিব পৰা নাই৷ অহা বর্ষৰ মেগা নিলামৰ সময়তহে সকলো কথা স্পষ্ট হ’ব৷’– চি এছ কেৰ অধিনায়ক ধোনীয়ে এইদৰে কয়৷

মন কৰিবলগীয়া যে আই পি এলৰ আৰম্ভণিৰে পৰা চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে খেলি অহা ধোনীৰ শেহতীয়া দুর্বল ফর্মে ফ্রেনছাইজীটোক চিন্তাত পেলাইছে৷ এই বর্ষৰ আই পি এলত তেওঁ সর্বাধিক ১৮ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

You might also like