নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী দলে প্রাইজমানী কিমান পাব জানেনে?

নিয়মীয়া বাৰ্তা ১৫ জুনঃ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী দলে ১.৬ মিলিয়ন ডলাৰ (ভাৰতীয় হিচাপত প্রায় ১২ কোটি)ৰ প্রাইজমানী লাভ কৰিব৷ একেদৰে ফাইনেলত পৰাস্ত হোৱা দলটোৱে প্রাইজমানী হিচাপে পাব প্রায় ৬ কোটি টকা৷

ছাউদাম্পটনত অহা ১৮ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূর্বে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলে আজি এই কথা সদৰী কৰে৷ চেম্পিয়ন দলে ১২ কোটিৰ প্রাইজমানীৰ সৈতে আই চি চি টেষ্ট চেম্পিয়নশ্বিপ মেচ (দণ্ড) লাভ কৰিব বুলিও আই চি চিয়ে জানিবলৈ দিছে৷

ইয়াৰ পূর্বে আই চি চিয়ে দলীয় ৰেংকিঙৰ শীর্ষস্থানপ্রাপ্ত দলটোক টেষ্ট ‘দণ্ড’ আগবঢ়াইছিল৷

You might also like