নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাম্বাৰ দেশত আৰম্ভ কোপা আমেৰিকা কাপ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ ছাম্বাৰ দেশত আৰম্ভ হ’ল কোপা আমেৰিকা ফুটবল প্রতিযোগিতা৷ দেওবাৰে মাজনিশা ব্রাজিলৰ মানে গাৰিনছা ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল প্রতিযোগিতাখনত সহজ জয়েৰে অভিযান আৰম্ভ কৰিলে ৯বাৰৰ চেম্পিয়ন ব্রাজিলে৷ যোৱানিশা অনুষ্ঠিত গ্রুপ এৰ একপক্ষীয় মেচখনত ঘৰুৱা দল ব্রাজিলে ভেনিজুৱেলাক ৩–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ বিজয়ী দলটোৰ হৈ মার্কুইনহ’ছ, নেইমাৰ আৰু গেব্রিয়েল বাৰব’ছাই গ’লকেইটা স্ক’ৰ কৰে৷ সংঘবদ্ধ খেলেৰে ব্রাজিলে প্রথমৰ পৰাই ভেনিজুৱেলাক চাপত ৰাখিবলৈ সক্ষম হৈছিল৷ ২৩ মিনিটত মার্কুইনহ’ছে ব্রাজিলক প্রথমটো সফলতা প্রদান কৰাৰ পিছত ৬৪ মিনিটত ঘৰুৱা দলটোৱে এক পেনাল্টী লাভ কৰে আৰু তাৰকা খেলুৱৈ নেইমাৰে ইয়াক গ’ললৈ কার্যকৰী কৰি দলটোক ২–০ গ’লত অগ্রগতি প্রদান কৰে৷

ইফালে, খেল শেষ হ’বলৈ এক মিনিট বাকী থকা অৱস্থাত অর্থাৎ ৮৯ মিনিটত গেব্রিয়েল বাৰব’ছাই ব্রাজিলৰ হৈ গ’ল স্ক’ৰ কৰি দলটোক ৩–০ গ’লত জয়ৰ সোৱাদ দিয়ে৷ অৱশ্যে মেচখনত ভেনিজুৱেলায়ো গ’ল স্ক’ৰ কৰাৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও ফিনিছাৰৰ অভাৱ পৰিলক্ষিত হৈছিল৷ মন কৰিবলগীয়া যে মেচখনলৈ এটা দিনৰো কম সময় থকা অৱস্থাত ভেনিজুৱেলাৰ কেইবাগৰাকীও খেলুৱৈ ক’ৰোনাত আক্রান্ত হৈছিল৷

ইফালে, আজি পুৱা অনুষ্ঠিত গ্রুপ এৰ আন এখন খেলত কলম্বিয়াই কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ইকুৱেডৰক ১–০ গ’লত পৰাস্ত কৰে৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রম ভৰা খেলখনৰ ৪২ মিনিটত এডুইন কাৰড’নাই কলম্বিয়াক বৃহৎ সফলতা প্রদান কৰাই নহয়, মেচখনত জয়লাভ কৰোৱাটো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ পৰৱর্তী সময়ত ইকুৱেডৰে গ’লটো পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিল৷

You might also like