নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডত কাম কৰিবৰ আপত্তি নাই! কিন্তু এইকেইজন অভিনেতাৰ সৈতে কাম কৰিব নিবিচাৰে ৰশ্মিকাই

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ পুষ্পাৰ সফলতাৰ পিছত অধিক জনপ্ৰিয় হৈ পৰিছে দক্ষিণৰ ছবিজগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী ৰশ্মিকা মান্দান্না। ছবিখনত তেওঁৰ চৰিত্ৰ ‘শ্ৰাৱলী’য়ে অনুৰাগীসকলৰ হৃদয়ত যি স্থান দখল কৰিলে সেয়া হয়টো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।

খুব কম মানুহেই জ্ঞাত যে ৰশ্মিকাই বলীউডৰ বহুতো চুপাৰষ্টাৰৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। এইসকল বলীউডৰ তাৰকাৰ সৈতে অভিনয় কৰিব নিবিচাৰে ৰশ্মিকাই। চাও আহক কোন কোন-

কাৰ্তিক আৰিয়ানঃ ৰশ্মিকা মান্দন্নাই দক্ষিণ চলচ্চিত্ৰ উদ্যোগত ‘কাৰিক পাৰ্টি’ ছবিখনৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছিল। দক্ষিণত ছবিখনৰ সফলতাৰ পিছত, নিৰ্মাতাসকলে ‘কাৰিক পাৰ্টি’ ছবিখনৰ হিন্দী সংস্কৰণ পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। ছবিখনত কাৰ্তিক আৰিয়ানৰ সৈতে ৰশ্মিকা মান্দন্নাক স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ৰশ্মিকাই নিজৰ পুৰণি ছবিখনৰ পুনৰ নিৰ্মাণত কাম কৰিবলৈ অস্বীকাৰ কৰে।

শ্বাহিদ কাপুৰঃ শ্বাহিদ কাপুৰৰ ‘জাৰ্চি’ মুক্তিৰ বাবে সাজু হৈছে। ছবিখনত শ্বাহিদ কাপুৰৰ সৈতে মৃণাল ঠাকুৰে অভিনয় কৰিছে। কিন্তু খুব কম লোকেই জানে যে এই ছবিখনৰ বাবে পৰিচালকসকলৰ প্ৰথম পচন্দ আছিল ৰশ্মিকা মান্দন্না। ৰশ্মিকা মান্দন্নাইও এই ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল।

ৰণদীপ হুডাঃ বলীউডৰ ছবি উদ্যোগৰ প্ৰবীণ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে অভিনেতা ৰণদীপ হুডা আৰু ৰশ্মিকা মান্দন্নাৰ সৈতে এখন চুপাৰহিট ছবি নিৰ্মাণ কৰিব বিচাৰিছিল। প্ৰতিবেদন অনুসৰি, ৰশ্মিকা মান্দান্নাই অস্বীকাৰ কৰাৰ পিছত প্ৰকল্পটো আগবাঢ়িব নোৱাৰিলে।

You might also like