নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্বিন-জাদেজাৰ স্পিনৰ যাদুঃ দিল্লী টেষ্টত ৬ উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: ২০২৩ চনৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট মেচতো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় অষ্ট্ৰেলিয়া। দিল্লীত খেলা এই খেলখনত ভাৰতীয় দলটোৱে ৬ উইকেটত জয়লাভ কৰে। ভাৰতীয় দলে চাৰিখন মেচৰ এই টেষ্ট শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ কৰিছে।

এই মেচখনত অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল। অষ্ট্ৰেলিয়াৰ দলটোৱে মাত্ৰ ২৬৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইয়াৰপাছতে ভাৰতীয় দলে বেটিং কৰিব আহি প্ৰথম ইনিংছত ২৬২ ৰান সংগ্ৰহ কৰে।

ইফালে তৃতীয় দিনা অষ্ট্ৰেলিয়াই ৬১/১ স্ক’ৰেৰে আগবাঢ়ি খেলিবলৈ আৰম্ভ কৰে। কিন্তু ভাৰতীয় স্পিনাৰসকলে ইমানেই সহায় পাইছিল যে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ মাত্ৰ ১১৩ ৰানতে স্তব্ধ হৈ পৰে। অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত জাদেজাই ৭টা আৰু অশ্বিনে ৩টা উইকেট দখল কৰে।

ইয়াৰ বিপৰীতে জাদেজা আৰু অশ্বিনৰ উৎকৃষ্ট বলিঙৰ বাবে ভাৰতীয় দলটোৱে মাত্ৰ ১১৫ ৰানৰ লক্ষ্য লাভ কৰে। যদিও প্ৰথমে ভাৰতৰ আৰম্ভণি বেয়া আছিল কিন্তু বিৰাট কোহলী আৰু চেতেশ্বৰ পূজাৰাই ভাৰতীয় ইনিংছ আগুৱাই লৈ যায়।

দ্বিতীয় ইনিংছত কে এল ৰাহুল (১), ৰোহিত শৰ্মাই ৩১ ৰান সংগ্ৰহ কৰি আউট হয়। বিৰাট কোহলী ২১ ৰান কৰি ষ্টাম্পিঙৰ চিকাৰ হয়। ইয়াৰ পিছত শ্ৰেয়াছ আয়েৰ (১২), আৰু অপৰাজিত হৈ চেতেশ্বৰ পূজাৰা (৩১) আৰু কে এছ ভৰতে (২৩) ভাৰতৰ জয় নিশ্চিত কৰে।

You might also like