নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’হালিত আজি ভাৰত–অষ্ট্রেলিয়াৰ প্রথম টি–২০

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: আসন্ন টি–২০ বিশ্বকাপৰ পূর্বে অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া ছয়খন মেচ ভাৰতৰ বাবে অন্তিম প্রস্তুতিৰূপে পৰিগণিত হৈছে৷ সেইবাবে এই দুটা শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈসকলে সর্বোচ্চ উজাৰি দিব বুলি আশা প্রকাশ কৰিছে অধিনায়ক ৰোহিত শর্মাই৷ বেটিং বলিং উভয় বিভাগে বিশ্বকাপৰ বাবে নিজকে প্রস্তুত কৰিবলৈও খেলুৱৈসকলক আহ্বান জনাইছে ৰোহিতে৷ আজি ভ্রমণকাৰী অষ্ট্রেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ প্রথমখন টি–২০ মেচত অংশগ্রহণ কৰিব ভাৰতে৷ মেচখনৰ পূর্বে ৰোহিতে স্পষ্ট কৰি দিয়ে যে বিশ্বকাপৰ পূর্বে যাতে নিজকে সম্পূর্ণৰূপে প্রস্তুত কৰিব পাৰে তাৰ বাবে ক্রিকেটাৰসকলক নতুন কৌশল চেষ্টা কৰিবলৈ কোৱা হৈছে৷

উল্লেখ্য যে এছিয়া কাপৰ ব্যর্থতাৰ পিছত দল গঠনক লৈ তীব্র সমালোচনাৰ সন্মুখীন হৈছিল দল মেনেজমেণ্ট৷ সেইবাবে দল গঠনত যথেষ্ট মনোযোগ দিছে অধিনায়ক ৰোহিতে৷ প্রতিযোগিতাখনত ভাৰতৰ বলিং বিভাগ যথেষ্ট দুর্বল পৰিলক্ষিত হৈছিল যদিও এইবাৰ দললৈ উভতি আহিছে যশপ্রীত বুমৰাহ আৰু হর্ষল পেটেল৷ তদুপৰি প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে ছন্দ বিচাৰি পোৱাটো ভাৰতৰ বাবে শুভ লক্ষণ৷ ৰবীন্দ্র জাদেজাৰ অনুপস্থিতি দলত অনুভৱ হ’ব যদিও ঋষভ পণ্ট আৰু দীনেশ কার্তিকে এই অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছে৷

ইপিনে, প্রথম শাৰীৰ চাৰিজন খেলুৱৈ অবিহনে ভাৰতলৈ টি–২০ শৃংখলা খেলিবলৈ আহিছে অষ্ট্রেলিয়া৷ তথাপি দলটোক সহজভাৱে ল’লে ভুল হ’ব বুলি সকীয়াই দিছে পেট কামিনছে৷ পেচ বলাৰগৰাকীয়ে কয় যে তেওঁলোক শৃংখলা জয় কৰিবলৈ ভাৰতলৈ আহিছে৷ দলটোত নাই ডেভিদ ৱার্নাৰ, অলৰাউণ্ডাৰ মিচেল মার্শ্ব, মার্কাছ ষ্টইনিছ আৰু পেচাৰ মিচেল ষ্টার্ক৷ তাৰ পিছতো অষ্ট্রেলিয়া যথেষ্ট শক্তিশালী বুলি ধাৰণা কৰা হৈছে৷

খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like