নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব মল্লযুঁজত ৪টাকৈ পদক: প্রথম ভাৰতীয়ৰ কৃতিত্ব বজৰং পুনিয়াৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: বিশ্ব মল্লযুঁজ প্রতিযোগিতাত চাৰিটাকৈ পদক অর্জন কৰি ভাৰতৰ প্রথমগৰাকী মল্লযুঁজাৰু হিচাপে ইতিহাস ৰচিলে তাৰকা খেলুৱৈ বজৰং পুনিয়াই৷ বেলগ্রেডত অনুষ্ঠিত বিশ্ব মল্লযুঁজ প্রতিযোগিতাখনত দেওবাৰে বজৰং পুনিয়াই ব্রঞ্জৰ পদক দখল কৰি এই অনন্য কৃতিত্বটো অর্জন কৰে৷

মন কৰিবলগীয়া যে বিশ্ব মল্লযুঁজত বজৰঙৰ এয়া আছিল চতুর্থটো পদক৷ টকি’ অলিম্পিকৰ ব্রঞ্জৰ পদক জয়ী বজৰং পুনিয়াই প্রতিযোগিতাখনৰ পুৰুষৰ ৬৫ কেজি শাখাত পুৱের্ট’ ৰিকৰ ছেবাষ্টিয়ান চি ৰিভেৰাক ১১–৯ৰ ব্যৱধানত পৰাস্ত কৰি ব্রঞ্জৰ পদক জয় কৰে৷ বিশ্ব মল্লযুঁজত বজৰঙৰ এয়া আছিল তৃতীয়টো ব্রঞ্জৰ পদক৷ ভাৰতৰ তাৰকা মল্লযুঁজাৰুগৰাকীয়ে ইয়াৰ পূর্বে ২০১৩ চনত ব্রঞ্জ, ২০১৮ চনত ৰূপ আৰু ২০১৯ চনত ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়৷

You might also like