নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ অক্টোবৰৰ পূর্বে ব্যক্তিগত বিদ্যালয়ে কৰিব লাগিব পঞ্জীয়ন, দিব লাগিব মাচুলৰ তথ্য

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ:  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্র–ছাত্রীৰ পৰা সংগ্রহ কৰি অহা মাচুলৰ সবিশেষ এতিয়াৰে পৰা ৰাজ্য চৰকাৰক অৱগত কৰিব লাগিব৷ সেয়াই নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুলৰ গাঁথনি চৰকাৰৰ ওচৰত দাখিল কৰাৰ লগতে শিক্ষানুষ্ঠানখনো পঞ্জীয়ন কৰিব লাগিব৷ আজি বিধানসভাত নন–গৱর্নমেণ্ট এডুকেচনেল ইনষ্টিটিউট (ৰেগুলেচন অৱ ফীজ) (এমেণ্ডমেণ্ট) বিল, ২০২২ গৃহীত হোৱাৰ পাছতে এই নির্দেশনা অচিৰেই জাৰি হ’ব৷

উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুলক কেন্দ্র কৰি চলি থকা বিভিন্ন বিতর্ক সন্দর্ভত ৰাজ্য চৰকাৰে আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা এই বিধায়কখন গৃহীত কৰে৷ সেই অনুসৰি সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বছৰটোৰ ৩১ অক্টোবৰৰ পূর্বে পঞ্জীয়ন হ’ব লাগিব আৰু মাচুল নির্ধাৰণৰ প্রমাণ–পত্র সংগ্রহ কৰিব লাগিব৷ ৩১ অক্টোবৰৰ পূর্বে বিদ্যালয়খনক পঞ্জীয়ন অথবা মাচুলৰ গাঁথনি সম্পর্কে মাচুল নিয়ামক কমিটীৰ আগত দাখিল নকৰিলে ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব৷ আনহাতে ৩১ অক্টোবৰৰ পাছত পঞ্জীয়ন কৰিলে ৫ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব৷

উল্লেখ্য যে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনা ১৩খনকৈ বিধেয়ক গৃহীত হয়৷ এই অধিৱেশনত সর্বমুঠ ২৩খন বিধেয়ক গৃহীত হয়৷ আজি গৃহীত হোৱা বিধেয়কসমূহৰ ভিতৰত অন্যতম আছিল দ্য আছাম পুলিচ (এমেণ্ডমেণ্ট) বিল–২০২২৷ এই বিধেয়কখনৰ জৰিয়তে জিলা পর্যায়ত আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰা হ’ব৷ আয়োগখনৰ অধ্যক্ষৰ দায়িত্বত থাকিব এজন উপ–পৰিদর্শক৷

আনহাতে ইয়াৰ সদস্য হ’ব জিলাখনৰ সাংসদ আৰু বিধায়কসকল৷ আনহাতে আজি অন্তিম দিনা বিধানসভাত গৃহীত হ’ল– দ্য আছাম টেক্সেচন (অন স্পেচিফাইড লেণ্ডছ) (এমেণ্ডমেণ্ট) বিল–২০২২, দ্য আছাম গুডছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল–২০২২, দ্য আছাম এপ্রোপ্রিয়েচন এক্টছ (ৰিপিল) বিল–২০২২, ‘দ্য আছাম কনমটিনজেন্সী ফাণ্ড এক্টছ (ৰিপিল) ২০২২, দ্য ছ’চাইটী ৰেজিষ্ট্রচন (আছাম এমেণ্ডমেণ্ট) বিল–২০২২, দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড, হোল্ডিংছ (এমেণ্ডমেণ্ট) বিল–২০২২, দ্য ৰেজিষ্ট্রেচন (আছাম এমেণ্ডমেণ্ট) বিল–২০২২, দ্য আছাম ৰিপিলিং বিল–২০২২, দ্য গিৰিজানন্দ চৌধুৰী ইউনির্ভাছিটী আছাম বিল–২০২২, দ্য আউনীআটী ইনষ্টিউচন বিল–২০২২, প্রাগজ্যোতিষপুৰ ইউনিভার্ছিটী বিল–২০২২৷

You might also like