নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত আজি শৃংখলাৰ নির্ণায়ক মেচ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: আজি আহমেদাবাদত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত শৃংখলাৰ তৃতীয় তথা নির্ণায়ক টি–২০ মেচখন অনুষ্ঠিত হ’ব৷ প্রথমখন মেচত নিউজিলেণ্ডে জয়লাভ কৰাৰ পিছত দ্বিতীয়খন মেচত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰি সমতা স্থাপন কৰে৷ ফলত আজিৰ মেচখনৰ ওপৰতে শৃংখলাৰ ফলাফল নির্ণয় কৰিব৷ সেইবাবে দুয়োটা দলৰ বাবে এই মেচখন মৰণপণ যুঁজ ৰূপে পৰিগণিত হৈছে৷ এইখন মেচত ভাৰতীয় দলত অন্তর্ভুক্ত হ’ব পাৰে পৃথ্বি শ্ব৷ ৰোহিত শর্মা, বিৰাট কোহলি আৰু কে এল ৰাহুলৰ অনুপস্থিতিত মূল একাদশত স্থান লাভ কৰা শুভমন গিল, ঈশান কিশন আৰু ৰাহুল ত্রিপাঠীয়ে সুযোগ গ্রহণত ব্যর্থ হোৱাত পৃথ্বিৰ সুযোগ বৃদ্ধি পাইছে৷

উল্লেখ্য যে আজিৰ মেচখনৰ পিছত দীর্ঘ বিৰতিৰ বাবে টি–২০ মেচ নেখেলে ভাৰতে৷ দলটোৱে এইবাৰ ৫দিনীয়া টেষ্ট মেচত মনোনিৱেশ কৰিব৷ বাংলাদেশৰ বিৰুদ্ধে দ্বিশতৰান অর্জন কৰাৰ পিছত ঈশানে ছন্দ বিচাৰি হাবাথুৰি খাইছে৷ তদুপৰি এদিনীয়াত সুন্দৰ ফর্মত থকা গিলে টি–২০ত সফলতা লাভ কৰিব পৰা নাই৷ একেদৰে ত্রিপাঠীয়েও দলৰ জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিৰ সুযোগ গ্রহণ কৰিব পৰা নাই৷ ফলত সূর্যকুমাৰ যাদৱ আৰু হার্দিক পাণ্ডিয়াই লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয়খন মেচত ১০০ ৰানৰ বাবে সংগ্রাম কৰিবলগীয়া হয়৷ কাইলৈ মেচখন আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিগত মেচখনত চমকপ্রদ বলিং কৰা ভাৰতীয় বলাৰসকলে আজিও এই প্রদর্শন অব্যাহত ৰাখিব পাৰিলে ভাৰতৰ শৃংখলা দখলৰ পথ প্রশস্ত হ’ব৷ এদিনীয়া শৃংখলাত সুন্দৰ বিজয় সাব্যস্ত কৰা ভাৰতে আজি বিজয়ী হ’ব পাৰিলে টি–২০ শৃংখলাও ঘৰতে ৰাখিব পাৰিব৷

ইপিনে, সুন্দৰ ফর্মত থকা নিউজিলেণ্ডৰ মধ্যক্রমৰ বেটাৰসকলৰ ওপৰতে যথেষ্ট নির্ভৰ কৰিব মেচখনৰ ফলাফল৷ এদিনীয়া শৃংখলা হেৰুওৱাৰ পিছত আজি মেচখনত আলহী দলটোৱে জয়লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব৷ দ্বিতীয়খন মেচত অতি কম ৰান সংগৃহীত হোৱাৰ পিছত কাইলৈৰ মেচখনত দুয়োটা দলে বৃহৎ ৰান সংগ্রহ কৰিব পাৰিব বুলি আশা কৰিছে অনুৰাগীসকলে৷

খেলৰ সময়: নিশা ৭ বজা৷

You might also like