নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ টিপাম দেওশালীত মে–ডাম মে–ফীত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড় জিলা প্রশাসনৰ সহযোগত আজি নাহৰকটীয়াৰ টিপাম দেওশালীত কেন্দ্রীয়ভাৱে আয়োজিত মে–ডাম্–মে–ফীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে অসমীয়া মানুহৰ বৈশিষ্ট্যপূর্ণ চৰিত্র নির্মাণ কৰি আহোম ৰাজত্বই যি বর্ণিল ইতিহাস গঢ়ি গল সেয়া অসমীয়া জাতিৰ বাবে পৰম গৌৰৱৰ বিষয়৷ অসমীয়া মানুহৰ ভাষিক, সামাজিক, আধ্যাত্মিক জীৱনধাৰাত প্রৱাহিত কৰি যোৱা অম্লান সোঁতটিৰে আজি অসমীয়া জাতিয়ে প্রত্যয়দীপ্তভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে৷ আহোমৰ শাসনকালৰ ইতিহাসৰ সৈতে টিপাম সংযুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আহোম ৰাজত্বৰ ঐতিহাসিক যিবোৰ পর্যায় সোণালী আখৰেৰে অংকিত হৈ আছে সেই সমূহৰ ভিতৰত টিপাম অন্যতম৷ তেওঁ কয় যে আহোম বুৰঞ্জীত চৰাইদেউৰ পিছতে টিপামৰ গুৰুত্ব সর্বাধিক৷ অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাপক স্বর্গদেউ চাওল্যুং চ্যু–কা–ফাৰ এক কর্মজীৱনৰ সূচনা টিপামতে হৈছিল বুলিও তেওঁ কয়৷ চ্যু–কা–ফাৰ সমন্বয়ৰ আদর্শৰে বৰ অসমৰ ভেটি শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে টিপাম পাহাৰৰ ওপৰত থকা প্রাচীন দেওশালখনেই প্রমাণ কৰে ইয়াৰ আধ্যাত্মিক স্বৰূপ৷ এই দেওশালতে চ্যু–কা–ফাই পূজা কৰিছিল আৰু পৰৱর্তী পর্যায়তো এই পূজা পাতল আহোম পুৰোহিতসকলে অব্যাহত ৰাখিছিল৷ এই টিপামেদিয়েই নৰা দেশৰ জাংফাই, ডালিমা বাখৰ, গোম চেং, চীনা পাটৰ কাপোৰ, চীনা মাটিৰ বাচন, বর্মাৰ অন্যান্য বহুমূলীয়া মুকুতা–মণি আৰু অনেক বস্তু আহিছিল বুলি তেওঁ কয়৷ আহোমৰ ৰাজত্বত টিপাম পূৱ দেশৰ সৈতে যোগাযোগৰ সংযোগী ক্ষেত্র হৈ পৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই টিপামতে চ্যু–কা–ফাই অসমৰ কৃষি অর্থনীতিৰ ভেটি অধিক শক্তিশালী কৰি তুলিছিল৷ আহোমসকল নিজস্ব কৃষ্টি–সংসৃক্তি আৰু আধ্যাত্মিক জীৱনধাৰাৰ প্রতি আগ্রহী আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পূজা–পাতল আৰু উৎসৱ–পার্বনসমূহ্ আহোমৰ বর্ণাঢ্য লোকজীৱনৰ পৰিচয় দাঙি ধৰে৷ তেওঁ কয় যে মে–ডাম্–মে–ফী আহোমসকলৰ এক গুৰুত্বপূর্ণ পূজা৷ ইয়ে উপৰিপুৰুষ আৰু দেৱতাসকলক পূজা দিয়াকে সূচায়৷ এই পূজাই অতীত আৰু বর্তমানক নিবিডভাৱে সংলগ্ন কৰি ৰাখে৷ অতীতৰ প্রতি শ্রদ্ধাশীল হোৱাৰ সুযোগ প্রদান কৰে বুলিও তেওঁ কয়৷ এই পূজা ৰাজকীয় আৰু সামূহিকভাৱে উদ্যাপন কৰা হৈছিল৷ বহু কেইগৰাকী স্বর্গদেউৱে মে–ডাম্–মে–ফী অনুষ্ঠিত কৰাৰ কথা বুৰঞ্জীৰ পৰা জানিব পৰা যায়৷ মুখ্যমন্ত্রীয়ে কয় যে চ্যু–কা–ফাই অসমীয়া মানুহক ভাষিক, সামাজিক, সাংসৃক্তিক স্বৰূপ প্রদান কৰি ৰাজনৈতিকভাৱে ব্রহ্মপুত্র উপত্যকাৰ বিভিন্ন জনগোষ্ঠীক একত্রিকৰণৰ জৰিয়তে ৰাজনৈতিক, প্রশাসনিক, সামাজিক আৰু সাংস্কৃতিকভাৱে এক নতুন স্বৰূপ প্রদান কৰে৷ লাচিত বৰফুকন শৌর্য–বীর্যৰ প্রতীক আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাৰ জয়লাভে অসমৰ সার্বভৌমত্ব ৰক্ষা কৰাই নহয়, সমগ্র দক্ষিণ পূৱ এছিয়াক আগ্রাসী শক্তিৰ কবলৰ পৰা ৰক্ষা কৰিছিল৷ অসম চৰকাৰে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত উদযাপন কৰাৰ জৰিয়তে ইমানদিনে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে সীমাবদ্ধ হৈ থকা লাচিতৰ বীৰগাথা আজি সমগ্র দেশবাসীয়ে জানিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভৰ দিশে চৰাইদেউৰ আহোম স্বর্গদেউৰ মৈদামস্থলীয়ে সবল খোজ পেলাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে টিপামৰ পথ উন্নয়ন সাধন কৰাৰ লগতে ইয়াক এখন আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ অঞ্চলটোৰ নৱপ্রজন্মই যাতে ক্রীড়াৰ দিশত আগুৱাই যাব পাৰে তাৰ বাবে এখন হকী ষ্টেডিয়ামো নির্মাণ কৰা হব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ অনুষ্ঠানত মন্ত্রী বিমল বড়া, উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক তৰঙ্গ গগৈ, বিধায়ক তেৰছ গোৱালা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্রুগড় জিলা পৰিষদৰ সভানেত্রী ডেইজী ৰাণী ফুকন শ্যাম প্রমুখ্যে বহু গণ্য–মান্য লোক উপস্থিত থাকে৷

You might also like