নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিব্যাংকাৰ প্ৰথম দৰমহা জানি স্তম্ভিত হ’ব, এতিয়া সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী

বিশেষ বাৰ্তা, ১৭ জুনঃ দিব্যাংকা ত্ৰিপাঠীক টিভিৰ অন্যতম জনপ্ৰিয় আৰু সুন্দৰী অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। ছ’চিয়েল মিডিয়াত বহু অনুৰাগী দেখা যায় দিব্যাংকাৰ। টিভিৰ এই সংস্কৃতিবান বোৱাৰীয়েকে যেতিয়া খাটৰো কে খিলাড়ী ১১ ত অংশ লৈছিল তেতিয়া বৰকৈ সমাদৰ লাভ কৰিছিল। দিব্যাংকাই কেতিয়াও ভবা নাছিল যে তেওঁ এনেদৰে জনপ্ৰিয়তা পাব। অৱশ্যে দিব্যাংকাই বৰ সহজে সৰু পৰ্দাত প্ৰিয় হৈ পৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে এইখিনিত উপনীত হ’বলৈ যথেষ্ট কষ্ট কৰিছে, লগতে বহু অসুবিধাৰ সন্মুখীন হৈছে।
দিব্যাংকা ত্ৰিপাঠীয়ে ভূপালৰ নুটান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু প্ৰথমটো চাকৰি আছিল দূৰদৰ্শনত। দিব্যাংকাই তাত এংকৰ আছিল। তাৰ বিনিময়ত দৰমহা হিচাপে পাইছিল মাত্ৰ ২৫০ টকা। দিব্যাংকা ত্ৰিপাঠী সেনাৰ পৰিয়ালৰ পৰা অহা, গতিকে কেতিয়াও হাৰ মানিবলৈ শিকা নাছিল। দিব্যাংকাই সৰু পৰ্দাত অভিষেক ঘটায় ‘বনু মেই তেৰী দুলহন’ৰ জৰিয়তে। এই অনুষ্ঠানৰ জৰিয়তে দিব্যাংকাই ঘৰে ঘৰে জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ পিছত দিব্যাংকাক খ্যাতিৰ উচ্চতালৈ লৈ যোৱা চৰিত্ৰটো আছিল ‘য়ে হ্যে মোহব্বতেই’ৰ ইশিতা ভল্লাৰ চৰিত্ৰ। এই শ্ব’টোৰ পিছত দিব্যাংকাই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া ন’হল। প্ৰতিদিনে ২৫০ টকা দৰমহা লোৱা দিব্যাংকাক টিভিৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত গণ্য হ’বলৈ ধৰিলে। ধাৰাবাহিকৰ এটা এপিচ’ডৰ বাবদ দিব্যাংকাই প্ৰায় ১.৫০ লাখ টকা লয়।

You might also like