ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাটো অষ্ট্রেলিয়াৰ প্রধান লক্ষ্য
প্রশিক্ষক জাষ্টিন লেংগাৰৰ মন্তব্য
নিয়মীয়া বাৰ্তা ২ মেঃ আই চি চি টেষ্ট ৰেংকিঙত ভাৰতৰ চাৰি বছৰীয়া আধিপত্যৰ অৱসান ঘটাই অষ্ট্রেলিয়াই শীর্ষস্থানত উপনীত হ’লেও দলটোৱে এতিয়াও প্রধান লক্ষ্যত উপনীত হ’ব পৰা নাই৷ ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাটো তেওঁলোকৰ প্রধান লক্ষ্য আৰু এই লক্ষ্য পূৰণ কৰিবলৈ অষ্ট্রেলিয়া সংকল্পবদ্ধ৷ এই মন্তব্য আগবঢ়াইছে অষ্ট্রেলিয়াৰ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে৷ ‘মই বিশ্বাস কৰোঁ যে অষ্ট্রেলিয়া টেষ্ট ক্রিকেটৰ অন্যতম শ্রেষ্ঠ দল৷ কিন্তু ভাৰতক ভাৰতৰ মাটিত আমি পৰাস্ত কৰিব পাৰিব লাগিব৷ সেয়া আমাৰ বাবে এক প্রধান লক্ষ্য৷ শেহতীয়াকৈ ভাৰতে আমাক ঘৰৰ মাটিত প্রথমবাৰৰ বাবে পৰাস্ত কৰিছিল৷ গতিকে আমি ভাৰতৰ পৰৱর্তী অষ্ট্রেলিয়া ভ্রমণত তেওঁলোকক পৰাস্ত কৰিবলৈ দৃঢ়প্রতিজ্ঞ৷’ লেংগাৰে এইদৰে কয়৷ উল্লেখ্য যে যোৱা বছৰ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ মাটিত শৃংখলা জয় কৰি ইতিহাস ৰচিছিল৷ চলিত বর্ষৰ শেষৰ ফালে টীম ইণ্ডিয়াই পুনৰ অষ্ট্রেলিয়া ভ্রমণ কৰাৰ কথা আছে৷ অৱশ্যে মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে শেহতীয়াকৈ ভাৰতৰ অষ্ট্রেলিয়া ভ্রমণ অনিশ্চিত হৈ পৰিছে৷