নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত আজি শৃংখলাৰ অন্তিম এদিনীয়াত ভাৰত-আফগানিস্তান

ডিজিটেল ডেস্ক, ২০ জুন : টীম ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচ আজি চেন্নাইত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ২–০ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰা ভাৰতীয় দলটোৰ বাবে আজিৰ মেচখন বিশেষ গুৰুত্বপূর্ণ নহয় যদিও এদিনীয়া বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি টীম ইণ্ডিয়াই শক্তিশালী দলৰে মেচখনত অৱতীর্ণ হ’ব৷

আজিৰ মেচখনত ভাৰতীয় দলটোত কিছু সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে৷ মেচখনত পেচ বলাৰ অর্শদীপ সিঙক বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷ ইফালে, মূল একাদশলৈ প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা আছে আঘাতৰ পৰা সুস্থ হৈ উঠা হর্ষিত ৰাণাৰ৷ ইপিনে, বিগত মেচ দুখনত অ’পেনাৰ যশস্বী জয়ছোৱালে দাঙি ধৰা প্রদর্শনক লৈ সন্তুষ্ট নহয় দলটো৷ আজিৰ মেচখনত জয়ছোৱালক মূল একাদশৰ পৰা বাদ দিয়াৰ সম্ভাৱনা আছে৷

ইফালে, বেটিং ক্রমতো কিছু সালসলনি ঘটোৱাৰ লক্ষ্য লৈছে ঘৰুৱা দলটোৱে৷ তাৰকা বেটাৰ লোকেশ ৰাহুলে শৃংখলাটোত ৬ নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছে যদিও আজিৰ মেচখনত তেওঁৰ বেটিং ক্রম উন্নত হোৱাৰ অধিক সম্ভাৱনা আছে৷ আনহাতে, আফগানিস্তানে আজিৰ মেচখনত জয়লাভৰ লক্ষ্যৰে নামিব৷ অন্তিমখন মেচত বিজয় সাব্যস্ত কৰি শৃংখলাটোত পৰাজয়ৰ ব্যৱধান ২–১লৈ হ্রাস কৰাৰ লক্ষ্য লৈছে আফগানিস্তানে৷ খেলৰ সময় : দিনৰ ১.৩০ বজা৷

You might also like