ডিজিটেল ডেস্ক, আগমনি, ২০ জুন : ধুবুৰী জিলাৰ আগমনিত নিশা আৰক্ষীৰ গুলীচালনা। চোৰাং গৰু সৰবৰাহৰ সন্দেহত এ এছ-০১ এল চি-১৩৮৯ নম্বৰৰ আলুভৰ্তি পিকআপ ভেনলৈ আৰক্ষীৰ গুলীচালনা বুলি বিশেষ সূত্ৰে প্ৰকাশ।
জানিব পৰা মতে, নিশা প্ৰায় ১০.৪৫ বজাত আগমনি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত থানাৰ সন্মুখত টহল দি আছিল। পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে আহি থকা এ এছ-০১ এল চি-১৩৮৯ নম্বৰৰ বলেৰ’ পিকআপ ভেনখনক আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়াত বাহনখন ঘূৰাই তীব্ৰ বেগত পলায়ন কৰে। ফলত বাহনখনত চোৰাং গৰু থকাৰ সন্দেহত আৰক্ষীয়ে চাৰিৰাউণ্ড গুলীচালনা কৰে । অৱশ্যে কিছুদূৰ যোৱাৰ পিছত আগমনিৰ কলেজ ৰোডত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত বাহনখন আৰক্ষী থানালৈ নিয়াত বাহনখনত আলুৰ বস্তা দেখিবলৈ পোৱা যায়।
আনহাতে, আৰক্ষীয়ে বাহনখনৰ চালক নেকিবুৰ সৰকাৰ আৰু হেণ্ডিমেন এনামূল হকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। চালকজনে ধুবুৰী জিলা পৰিবহণ বিভাগৰ তালাচীৰ সন্দেহত পলায়ন কৰে বুলি জানিবলৈ দিয়ে। চালক আৰু হেণ্ডিমেন দুয়োৰে ঘৰ ধুবুৰী জিলাৰ চাপৰত বুলি জানিবলৈ দিয়ে।