টি-২০ বিশ্বকাপত বিস্ফোৰক সূর্য : ২৯ ৰানত ভাৰতে হৰুৱালে আমেৰিকাক
নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : সহজ জয়েৰে শনিবাৰৰ পৰা আৰম্ভ হোৱা টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত গ্রুপ এৰ মেচখনত ভাৰতে আমেৰিকাক ২৯ ৰানত পৰাস্ত কৰে৷
মেচখনত আয়োজক ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ১৬২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সঞ্জয় কৃষ্ণমূর্তিৰ ৩৭, মিলিন্দ কুমাৰৰ ৩৪ আৰু শুভম ৰঞ্জনেৰ ৩৭ ৰানৰ সহায়ত আমেৰিকাই নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্রহ কৰে৷ অ’পেনাৰদ্বয় এণ্ড্রিজ গাউছে ৬ আৰু ছৈতেলা মুক্কামাল্লাই ২ আৰু অধিনায়ক মনাংক পেটেলে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ভাৰতীয় দলটোৰ হৈ মহম্মদ ছিৰাজে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে অর্শদীপ সিং আৰু অক্ষৰ পেটেল উভয়ে দুটাকৈ তথা বৰুণ চক্রৱর্তীয়ে এটা উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে আমেৰিকাৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্দান্ত অপৰাজিত ৮৪ ৰানৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬১ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি দ্বিতীয় অভাৰৰ দ্বিতীয়টো বলৰ পৰাই বিপর্যয়ৰ সন্মুখীন হয় ঘৰুৱা দলটো৷ বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়৷ অভিষেকে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ সেই সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ১ উইকেটত ৮ ৰান৷ অভিষেক আউট হোৱাৰ পিছত আনগৰাকী অ’পেনাৰ ঈশান কিশনে তিলক বার্মাৰ সৈতে লগ লাগি দলৰ বিপর্যয় ৰোধ কৰাৰ চেষ্টা চলায় যদিও দুয়োৰে মাজত দ্বিতীয় উইকেটত ৩৭ ৰান সংগ্রহ হোৱাৰ সময়তে ঈশানে ব্যক্তিগত ২০ ৰানত বিদায় লয়৷ ইয়াৰ পিছতে পুনৰ বিপর্যয়ৰ সন্মুখীন হয় ভাৰত৷ ইটোৰ পিছত সিটো উইকেট হেৰুৱায় যদিও অধিনায়ক সূর্যকুমাৰে খোপনি পুতি দলটোক বিপদৰ পৰা উদ্ধাৰ কৰে৷
তিলক বার্মাই ২৫ ৰান কৰি বিদায় লোৱাৰ লগতে শিৱম ডুবেই ০, ৰিংকু সিঙে ৬, হার্দিক পাণ্ডিয়াই ৫, অক্ষৰ পেটেলে ১৪, অর্শদীপ সিঙে ৪ আৰু বৰুণ চক্রৱর্তীয়ে কোনো ৰান নকৰাকৈ বিদায় লয়৷ অধিনায়ক সূর্যকুমাৰে ৪৯টা বলত ১০টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিতভাৱে ৮৪ ৰান সংগ্রহ কৰি দলটোক সবল স্থিতিত উপনীত কৰায়৷ মন কৰিবলগীয়া যে দলীয় স্ক’ৰ ৭৭ ৰানতে ৬জনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই বিপদত পৰিছিল ঘৰুৱা দলটো৷ আমেৰিকাৰ হৈ শ্বেডলি ভান শ্বালকৱিকে সর্বাধিক ৪টা, হৰমিত সিঙে দুটা, আলী খান আৰু মহম্মদ মহছিনে এটাকৈ উইকেট লয়৷