স্পেইনত অসম কন্যা লাভলীনা বৰগোহাঁইৰ সোণৰ পদক অৰ্জন
ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : স্পেইনত স্বৰ্ণ পদক অৰ্জনেৰে উজলিল অসম কন্যা লাভলীনা বৰগোহাঁই। বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে লাভলীনা বৰগোহাঁয়ে।
৭৫ কেজি শাখাত ইংলেণ্ডৰ মেৰী স্মিথক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে লাভলীনাই। স্পেইনত বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত জয়ী হৈ সোণৰ পদক লাভ কৰাৰ পিছত অসম কন্যা লাভলীনাই সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ প্ৰকাশ কৰে।