নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বক্সিং দলৰ ৮ সদস্যৰ দেহত ক’ভিড

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: তুর্কীৰ ইস্তানবুলত বচফৰাছ বক্সিং প্রতিযোগিতাত অংশ ল’বলৈ গৈ মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে ভাৰতীয় বক্সিং দলৰ আঠগৰাকীকৈ সদস্য৷ তেওঁলোকৰ ভিতৰত তিনিগৰাকী খেলুৱৈ আৰু আন কেইগৰাকী দলীয় বিষয়ববীয়া৷

যোৱা ১৯ মার্চত সামৰণি পৰা বক্সিং প্রতিযোগিতাখনৰ পিছতে ক’ভিড পজিটিভ হোৱা বক্সাৰকেইগৰাকী হ’ল কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী তাৰকা বক্সাৰ গৌৰৱ সোলাংকি, প্রয়াগ চৌহান আৰু ব্রিজেশ যাদৱ৷ গৌৰৱে ৫৭, প্রয়াগে ৭৫ আৰু ব্রিজেশে ৮১ কেজিত দেশক প্রতিনিধিত্ব কৰে৷ তেওঁলোক সম্প্রতি ইস্তানবুলত কোৱাৰেণ্টাইন হৈ আছে৷ প্রতিযোগিতাখনত ভাৰতৰ গৌৰৱ সোলাংকিয়ে পুৰুষ ইভেণ্টত একমাত্র পদকটো অর্জন কৰিবলৈ সক্ষম হৈছিল৷

মহিলাৰ শাখাৰ নিখাট জাৰিনে ভাৰতলৈ ব্রঞ্জৰ পদক কঢ়িয়াই আনিছিল৷ এই প্রতিযোগিতাখনত অসম সন্তান শিৱ থাপায়ো অংশ লৈছিল৷ তেওঁ কোৱার্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছিল৷

You might also like