নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষ হকীৰ কোৱার্টাৰ ফাইনেলত ভাৰত

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ  চমকপ্রদ প্রদর্শন দাঙি ধৰি চলিত টকিঅ’ অলিম্পিকৰ পুৰুষ হকীৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰিলে মনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলে৷ অ’ই হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত পুল ‘এ’ৰ মেচখনত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনাক ৩–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠলৈ উন্নীত হয়৷

সুদীর্ঘ ৪১ বছৰ ধৰি অলিম্পিকত পদক জয়ৰ ব্যর্থতা ভংগৰ লক্ষ্য লোৱা ভাৰতীয় দলটোৰ বৃহস্পতিবাৰৰ জয়ৰ মূলতে আছিল বিবেক সাগৰ প্রসাদ, বৰুণ কুমাৰ আৰু হৰমনপ্রীত সিঙৰ দুর্দান্ত প্রদর্শন৷ প্রথমৰ পৰাই উত্তেজনাপূর্ণ মেচখনৰ প্রথম দুটা কোৱার্টাৰ গ’লশূন্যভাৱে সমাপ্ত হয়৷ অৱশ্যে এই কোৱার্টাৰ দুটাত দুয়োটা দলে গ’ল স্ক’ৰ কৰাৰ কেইবাটাও সুযোগ পাইছিল যদিও তাক কার্যকৰী কৰাত ব্যর্থ হয়৷

অৱশ্যে তৃতীয় কোৱার্টাৰত ভাৰতীয় দলটোৱে আক্রমণৰ চোক বৃদ্ধি কৰি তোলে৷ ৪৩ মিনিটত বৰুণ কুমাৰে ভাৰতীয় দলটোক বৃহৎ সফলতা প্রদান কৰে৷ কিন্তু ৪৮ মিনিটত আর্জেণ্টিনাৰ স্কুথ কাচেলাই গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰাত মেচখন আৰু অধিক উত্তেজনাময় হৈ পৰে৷ খেল শেষ হ’বলৈ তিনি মিনিট বাকী থকা অৱস্থাত ভাৰতীয় দলটোৱে আর্জেণ্টিনাৰ শিবিৰত দুটাকৈ মোক্ষম আঘাত হানি মেচখনত জয়ৰ সোৱাদ লাভ কৰে৷ ৫৮ মিনিটত বিবেক সাগৰ প্রসাদে গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক ২–১ গ’লত অগ্রগতি প্রদান কৰাৰ ১ মিনিট পিছতে অর্থাৎ ৫৯ মিনিটত হৰমনপ্রীত সিঙে আন এটা গ’ল স্ক’ৰ কৰি মেচখনত ভাৰতীয় দলটোক ৩–১ গ’লত জয়ৰ সোৱাদ দিয়ে৷

মন কৰিবলগীয়া যে পুল ‘এ’ত মনপ্রীত সিং বাহিনীৰ এয়া আছিল তৃতীয় জয়৷ পুলৰ প্রথমখন মেচত নিউজিলেণ্ডক পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰা ভাৰতীয় দলটোৱে দ্বিতীয়খন মেচত অষ্ট্রেলিয়াৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয় যদিও তৃতীয়খন মেচত স্পেইনক পৰাস্ত কৰি প্রত্যাৱর্তন কৰিছিল ভাৰতে৷ আজি পুলৰ অন্তিমখন মেচত ভাৰতীয় দলটোৱে টকিঅ’ অলিম্পিকৰ আয়োজক জাপানৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like