নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩৬ত অলিম্পিক আয়োজনৰ শক্তিশালী প্রচেষ্টা চলাইছে ভাৰতে : মোদী

নিউজ ডেস্ক, ৫ জানুৱাৰী : ভাৰতে ২০৩৬ চনত বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিক আয়োজন কৰাৰ বাবে সম্পূর্ণ শক্তিৰে প্রস্তুতি চলাইছে৷ দেশত বৃহৎ ক্রীড়া ইভেণ্ট অনুষ্ঠিত কৰি অধিকসংখ্যক খেলুৱৈক সুযোগ দিয়াৰ লক্ষ্য লৈছে চৰকাৰে৷ বাৰাণসীত অনুষ্ঠিত ৭২সংখ্যক ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ভাষণ প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে কয়- চৰকাৰে অলিম্পিকৰ বাবে দেশৰ খেলুৱৈসকলক এক্সপ’জাৰ প্রদান কৰিবলৈ সকলো প্রচেষ্টা হাতত লৈছে৷ খেলো ইণ্ডিয়াৰ দৰে কার্যসূচীয়ে পিছপৰা অঞ্চলত থকা ক্রীড়া প্রতিভা চিনাক্ত কৰাৰ ক্ষেত্রত গেম চেঞ্জাৰ হিচাপে ধৰা দিছে৷ এই অভিযানৰ জৰিয়তে দেশৰ শ শ যুৱক–যুৱতীয়ে ৰাষ্ট্রীয় পর্যায়লৈ অগ্রসৰ হোৱাৰ সুযোগ পাইছে৷

তেওঁ লগতে কয়- ২০৩০ চনত ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব৷ টার্গেট অলিম্পিক পডিয়াম আঁচনিৰ দৰে পদক্ষেপে ভাৰতৰ ক্রীড়াৰ পৰিৱেশ সলনি কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে দেশত শক্তিশালী ক্রীড়া আন্তঃগাঁথনি, পুঁজিৰ ব্যৱস্থা আৰু যুৱ খেলুৱৈসকলক বিশ্ব পর্যায়ৰ পৰিচয় প্রদানত গুৰুত্ব আৰোপ কৰিছে৷

ক্রীড়াক্ষেত্রত ভাৰতৰ শেহতীয়া প্রভাৱ সম্পর্কত প্রধানমন্ত্রীয়ে কয যে ভাৰতে বিগত ১০ বছৰত বিশ্বমানৰ ২০খন আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা অনুষ্ঠিত কৰিছে৷ ফিফা ১৭ বছৰ অনূর্ধ্ব বিশ্বকাপ, হকী বিশ্বকাপ, দবা প্রতিযোগিতাকে ধৰি কেইবাখনো চহৰত এই বৃহৎ প্রতিযোগিতাসমূহ অনুষ্ঠিত কৰিছে৷ একে সময়তে চৰকাৰে ক্রীড়া বাজেট বৃদ্ধি কৰিছে৷ বর্তমান ভাৰতৰ ক্রীড়া মডেল অধিক খেলুৱৈকেন্দ্রিক হৈ পৰিছে, যাৰ বাবে প্রতিভা চিনাক্তকৰণ, বিজ্ঞানসন্মত প্রশিক্ষণ, খেলুৱৈৰ পুষ্টি আৰু খেলুৱৈ নির্বাচনকে ধৰি প্রতিটো স্তৰত খেলুৱৈৰ স্বার্থত অগ্রাধিকাৰ দিয়াটো নিশ্চিত কৰিছে৷ ২০১৪ চনত ভাৰতে বিভিন্ন আন্তঃৰাষ্ট্রীয় ক্রীড়া ইভেণ্টত ধাৰাবাহিকভাৱে উন্নত প্রদর্শন কৰি আহিছে৷

উল্লেখ্য যে বাৰাণসীত অনুষ্ঠিত ভলীবল প্রতিযোগিতাত দেশৰ ভিন্ন প্রান্তৰ ৫৮টা দলে অংশগ্রহণ কৰিছে৷ ১১ জানুৱাৰীত প্রতিযোগিতাৰ অন্ত পৰিব৷

You might also like