নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পৰাজয়েৰে শৃংখলা হেৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ প্রত্যাহ্বানজনক অষ্ট্রেলিয়া ভ্রমণৰ আৰম্ভণিতে মুখথেকেচা খাইছে টীম ইণ্ডিয়াই৷ ক্রমাগত দ্বিতীয় পৰাজয়েৰে দলটোৱে কালি  অষ্ট্রেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শোচনীয় ব্যর্থতা স্বীকাৰ কৰে৷ ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত দ্বিতীয় এদিনীয়াতো ভাৰতৰ পৰাজয়ৰ মূল কাৰণ হিচাপে চিহ্ণিত হৈছে তাৰকাখচিত বলিং আক্রমণৰ দুর্বল প্রদর্শন৷ মহম্মদ ছামি, যশপ্রীত বুমৰাহ, নৱদ্বীপ ছাইনী, য়ুজবেন্দ্র চাহাল আৰু ৰবীন্দ্র জাদেজাৰে গঠিত ভাৰতীয় বলিং আক্রমণৰ পঞ্চতাৰকাক পুনৰ বিমুখ কৰি অষ্ট্রেলিয়াই ৩৮৯ ৰানৰ পাহাৰসম স্ক’ৰ থিয় কৰায়৷ প্রথম এদিনীয়াৰ নায়ক ষ্টিভেন স্মিথ, আৰন ফিন্স আৰু ডেভিদ ৱার্নাৰ  উজলি উঠে৷

প্রথম উইকেটত ৱার্নাৰ আৰু ফিন্সে ১৪২ ৰান যোগ দি কেংগেৰু বাহিনীৰ শক্তিশালী ভেটি গঢ়ে৷ ইয়াৰ পিছতে আৰম্ভ হয় স্মিথ, লাবুছানে আৰু মেক্সৱেলৰ বেটিং পৰাক্রম৷ ক্রমাগত দ্বিতীয়টো শতক অর্জন কৰি স্মিথে আজিও মাত্র ৬৪ বলৰ সন্মুখীন হৈ ১৪টা বাউণ্ডেৰী আৰু ২টা অ’ভাৰ বাউণ্ডেৰীৰে ১০৪ ৰানৰ অনবদ্য ইনিংছ খেলে৷ ৱার্নাৰে ৭৭ বলৰ ৭টা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰৰ সহায়ত ৮৩ ৰান কৰে৷ প্রথম এদিনীয়াৰ শতৰানকাৰী ফিন্স আজি ৬০ ৰানত আউট হয়৷ উদীয়মান তাৰকা লাবুছানেই ৬১ বলৰ সন্মুখীন হৈ ৭০ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলিবলৈ সক্ষম হয়৷

আই পি এলত এটাও ছিক্সাৰ কোবাবলৈ সক্ষম নোহোৱা অলৰাউণ্ডাৰ মেক্সৱেলে পুনৰ এবাৰ ভাৰতীয় বলিং আক্রমণৰ দুর্বলতা উদঙাই ৬৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ তেওঁ মাত্র ২৯ বলৰ সন্মুখীন হৈ ৪টা বাউণ্ডেৰী আৰু ৪টা ছিক্সাৰ কোবায়৷ ভাৰতৰ হৈ ছামি, বুমৰাহ আৰু পাণ্ডিয়াই এটাকৈ উইকেট পায়৷ বুমৰাহে ৭৯, ছামিয়ে ৭৩, ছাইনীয়ে ৭০, চাহালে ৭১ আৰু জাদেজাই ৬০ ৰান ব্যয় কৰাত ভাৰতীয় বেটছমেনে পুনৰ এবাৰ অসম্ভৱ যেন লগা লক্ষ্য অনুসৰণ কৰিবলগীয়া হয়৷ ইয়াৰ প্রত্যুত্তৰত টীম ইণ্ডিয়াই অধিনায়ক কোহলি আৰু উইকেটৰক্ষক লোকেশ ৰাহুলৰ অর্ধশতকৰ সহায়ত লক্ষ্যত উপনীত হোৱাৰ চেষ্টা চলায় যদিও নির্ধাৰিত ৫০ অ’ভাৰত ৯ উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্রহ কৰি ৫১ ৰানত পৰাজয়বৰণ কৰে৷ কোহলিয়ে ৮৭ বলত ৭টা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ৮৯ ৰান সংগ্রহ কৰে৷ ৰাহুলে ৬৬ বল খেলি চাৰিটা বাউণ্ডেৰী আৰু ৫টা অ’ভাৰ বাউণ্ডেৰীৰে ৭৬ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ মায়ংক আগৰৱালে ২৮, শেখৰ ধাৱানে ৩০, শ্রেয়াছ আয়াৰে ৩৮, হার্দিক পাণ্ডিয়াই ২৮, ৰবীন্দ্র জাদেজাই ২৪ ৰান কৰি আউট হয়৷

অষ্ট্রেলিয়াৰ হৈ পেট কামিনছে ৬৭ ৰানত তিনিটা, আডাম জাম্পাই ৬২ আৰু জ’ছ হেজেলউদে ৫৯ ৰানত দুটা আউট দখল কৰে৷ চমকপ্রদ শতক অর্জন কৰা স্মিথ মেন অৱ দ্য মেচ নির্বাচিত হয়৷ এই জয়েৰে অষ্ট্রেলিয়াই তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটো ২–০ৰ ব্যৱধানত জয় কৰিবলৈ সক্ষম হয়৷

You might also like