নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত দেওবাৰে এজনৰ মৃত্যু; আক্রান্ত ১৩৪গৰাকী

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ দেওবাৰে ৰাজ্যখনত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮১গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি দেওবাৰে ওদালগুৰিৰ মহেশ চৌহান (৫০)ৰ ক’ভিডত মৃত্যু হয়৷

মন্ত্রী ড০ শর্মাই লোকজনৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ দেওবাৰে ৰাজ্যখনত নতুনকৈ ১৩৪গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৫৭গৰাকী গুৱাহাটী মহানগৰীৰ৷ দেওবাৰে অসমত মুঠ ১১,৫৫৮গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.১৬ শতাংশ৷ সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৯৬গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷

এতিয়ালৈ ৰাজ্যখনৰ সর্বমুঠ ২,১২,৬১৭গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও ২,০৮,২৮৩গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন হাস্পতালত ৩,৩৫০গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি, ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৯৭.৯৬ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১.৫৭ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৬ শতাংশ৷

You might also like