নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া বিশ্বকাপঃ ১৫ অক্টোবৰত ভাৰত–পাকৰ হাইভ’ল্টেজ মেচ

নিয়মীয়া বাৰ্তা, ১১ মে’: ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সূচী প্রস্তুত কৰিছে আয়োজক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ অৱশ্যে বি চি চি আয়ে আনুষ্ঠানিকভাৱে বিশ্বকাপৰ সূচীখন এতিয়াও ৰাজহুৱা কৰা নাই৷ আই পি এলৰ সামৰণিৰ পিছতে ব’র্ডে বিশ্বকাপৰ সূচীখন ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে যদিও বিশ্বৰ অনুৰাগীয়ে অধীৰ আগ্রহেৰে অপেক্ষা কৰি থকা ভাৰত–পাকিস্তানৰ হাইভ’ল্টেজ মেচখনৰ তাৰিখটো চর্চালৈ আহিছে৷ ক্রিকবাজৰ প্রতিবেদন অনুসৰি ১৫ অক্টোবৰত দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মেচখন অনুষ্ঠিত হ’ব৷ ইপিনে, আহমেদাবাদত বিশ্বকাপৰ উদ্বোধনী মেচখন অনুষ্ঠিত হোৱাৰ বিপৰীতে আহমেদাবাদতে প্রতিযোগিতাখনৰ সামৰণিও পৰিব৷ ৫ অক্টোবৰত উদ্বোধনী মেচখনত ইংলেণ্ডে নিউজিলেণ্ডৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এই উদ্বোধনী মেচখন আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৯ নৱেম্বৰত হ’বলগীয়া ফাইনেল মেচখনো নৰেন্দ্র মোদী ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব৷ আনহাতে, আয়োজক ভাৰতে অষ্ট্রেলিয়াৰ বিপক্ষে চেন্নাইত নিজৰ প্রথমখন মেচত ভাগ ল’ব৷ অৱশ্যে এই মেচখনৰ তাৰিখ সন্দর্ভত এতিয়াও জানিব পৰা হোৱা নাই৷ ক্রিকবাজৰ প্রতিবেদন অনুসৰি প্রথমাৱস্থাত ভাৰত আৰু পাকিস্তানৰ হাইভ’ল্টেজ মেচখন আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও তাত খেলিবলৈ পাকিস্তানৰ কিছু সমস্যা আছে৷ এই সন্দর্ভত পাকিস্তান ক্রিকেট ব’ডৰ অধ্যক্ষ নাজাম শেট্টীয়ে আই চি চিৰ সৈতে কথা–বতৰা পতাৰ পিছত উক্ত মেচখনৰ স্থান আহমেদাবাদৰ সলনি চেন্নাইত অনুষ্ঠিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ ইপিনে, পি চি বিয়ে পাকিস্তান দলটোৰ সৰহসংখ্যক মেচ চেন্নাই, বাংগালুৰু আৰু হায়দৰাবাদত খেলিব বিচাৰিছে৷ পি চি বিৰ অধ্যক্ষগৰাকীয়ে কয় যে যদি পাকিস্তানে প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰে, তেতিয়াহ’লে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত কোনো সমস্যা নাই৷ উল্লেখ্য যে ১০টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই চি চিৰ মেগা প্রতিযোগিতাখনৰ বাবে ইতিমধ্যে ৮টা দলে যোগ্যতা অর্জন কৰিছে৷ আয়োজক ভাৰতৰ লগতে প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰা আন দলকেইটা হ’ল– ইংলেণ্ড, অষ্ট্রেলিয়া, নিউজিলেণ্ড, আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু দক্ষিণ আফ্রিকা৷ বাকী দুটা স্থানৰ বাবে ৱেষ্ট ইণ্ডিজ, শ্রীলংকা, নেদাৰলেণ্ডছ, আয়াৰলেণ্ড, নেপাল, ওমান, স্কটলেণ্ড, ইউ এ ই আৰু জিম্বাব’ৱেৰ মাজত যুঁজ চলিব৷ ইফালে, বিশ্বকাপৰ মেচসমূহ আহমেদাবাদ, বাংগালুৰু, গুৱাহাটী, চেন্নাই, হায়দৰাবাদ, কলকাতা, দিল্লী, ইন্দোৰ, ধর্মশালা, ৰাজকোট, ৰায়পুৰ আৰু মুম্বাইকে ধৰি মুঠ ১২খন চহৰত অনুষ্ঠিত হ’ব৷

You might also like