নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমলিংগ বিবাহ বৈধ হ’লে বিপন্ন হ’ব ভাৰতীয় সংস্কৃতি

নিয়মীয়া বাৰ্তা, ১১ মে’: সমলিংগ বিবাহক আইনী স্বীকৃতি দিলে ভাৰতৰ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য বিপন্ন হৈ পৰিব বুলি অভিযোগ তুলিলে আৰ এছ এছৰ মহিলা শাখা ৰাষ্ট্র সেৱিকা সমিতিৰ সামাজিক সংগঠন সংবর্ধিনী ন্যাসে৷ সংগঠনৰ তৰফৰ পৰা নিজৰ এই অৱস্থানৰ কথা লিখিতভাৱে উচ্চতম ন্যায়ালয়ক জনাই আবেদন কৰা হৈছে যে সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ উদ্দেশ্যে যেন হিন্দু বিবাহ আইনত কোনো পৰিৱর্তন ঘটোৱা নহয়৷

উল্লেখনীয় যে সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ প্রশ্ণত আৰ এছ এছ আৰু বিজেপিয়ে পূর্বৰে পৰা আপত্তি দর্শাই আহিছে৷ এইবাৰ সমলিংগ বিবাহৰ বিৰোধিতা কৰি শীর্ষ আদালতত আবেদন জনালে আৰ এছ এছৰ মহিলা শাখাই৷ আৰ এছ এছৰ এটা শাখা সংগঠনে দাবী কৰা অনুসৰি ৩০০গৰাকীৰো অধিক চিকিৎসকৰ ওপৰত সমীক্ষা চলোৱাৰ পিছত আটায়ে এটা কথা স্পষ্ট কৰি দিছে যে সমলিংগ বিবাহ এক ‘মানসিক ব্যাধি’৷

ইফালে, কেন্দ্রীয় চৰকাৰে আজি উচ্চতম ন্যায়ালয়ক সমলিংগ বিবাহ সম্পর্কত কংগ্রেছশাসিত ৰাজস্থানকে ধৰি দেশৰ ৬খন ৰাজ্যৰ আপত্তি থকা বুলি জনাইছে৷ ৰাজস্থানে বিষয়টোত আপত্তি কৰাৰ লগে লগে কংগ্রেছৰ দ্বৈত স্থিতিক লৈ বিজেপি সৰৱ হৈছে৷ বিভিন্ন ৰাজ্যত কংগ্রেছে সমলিংগ বিবাহক সমর্থন জনাইছে৷

You might also like