নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ভাৰত–শ্রীলংকাৰ প্রথম টেষ্ট

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু শ্রীলংকাৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন টেষ্ট আজিৰে পৰা ম’হালিৰ পি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ভাৰতীয় দলটোৰ বাবে ম’হালি টেষ্টখন বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ম’হালি টেষ্টখন টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিৰ কেৰিয়াৰৰ শততম টেষ্ট হোৱাৰ উপৰি ৰোহিত শর্মাই টেষ্ট দলটোৰ অধিনায়ক হিচাপে প্রথমটো শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব৷ সিংহলী বাহিনীৰে খেলা তিনিখনীয়া টি–২০ শৃংখলাটোত ক্লীন ছুইপ কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে টেষ্ট শৃংখলাটোতো দমনীয় প্রদর্শন অব্যাহত ৰখাৰ লক্ষ্য লৈছে৷ অৱশ্যে শ্রীলংকাৰ টেষ্ট দলটো শক্তিশালী হোৱা হেতুকে ভাৰতে টেষ্ট শৃংখলাটোত পূর্ণ শক্তিৰে অৱতীর্ণ হ’ব৷ দুই অভিজ্ঞ খেলুৱৈ শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানে অবিহনে টেষ্ট শৃংখলাটোত ভাগ ল’ব ভাৰতীয় দলটোৱে৷ পূজাৰা আৰু ৰাহানেৰ অনুপস্থিতিত শুভমন গিলে ভাৰতীয় দলটোৰ ইনিংছ মুকলি কৰাটো খাটাং যদিও মূল একাদশত স্থান লাভৰ বাবে শ্রেয়াছ আয়াৰ আৰু হনুমা বিহাৰীৰ মাজত যুঁজখন চলিব৷

ম’হালি টেষ্টত মায়ংক আগৰৱালৰ সৈতে ইনিংছ মুকলি কৰিব বুলি উল্লেখ কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে পূজাৰাৰ অনুপস্থিতিত শুভমন গিলে তৃতীয় স্থানত বেটিং কৰিব আৰু এই টেষ্ট শৃংখলাটোৱে গিলৰ বাবে এক নতুন ভূমিকা ল’ব৷ গিলে এতিয়ালৈকে দহখন টেষ্ট খেলিছিল যদিও আটাইকেইখন মেচতে অ’পেনাৰৰ ৰূপত ক্রিজলৈ আহিছিল৷

ইফালে, বিৰাট কোহলিৰ শততম টেষ্টখন স্মৰণীয় কৰি ৰাখিব বিচাৰিছে অধিনায়ক ৰোহিত শর্মাই৷ কোহলিৰ শততম টেষ্ট সন্দর্ভত হিটমেন ৰোহিত শর্মাই কয় যে এয়া সঁচাকৈয়ে বৃহৎ উপলব্ধি৷ কোহলিয়ে এতিয়ালৈকে যথেষ্ট উন্নত প্রদর্শন কৰিছে আৰু দলটোক আগলৈ লৈ যোৱাত তেওঁৰ ভূমিকা অতুলনীয়৷ কোহলিৰ শততম টেষ্টখন সতীর্থসকলে স্মৰণীয় কৰি ৰাখিব বুলি অধিনায়ক ৰোহিত শর্মাই ব্যক্ত কৰে৷

You might also like