নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মচাৰীৰ সৈতে সম্পৰ্ক ৰখাৰ বাবেই বিলক এৰিলে মেলিণ্ডাই!

বিশেষ বাৰ্তা, ৪ মাৰ্চঃ শিশুক যৌন আতিশায্য চলোৱাৰ অভিযোগত অভিযুক্ত প্ৰয়াত বিত্ত প্ৰৱন্ধক জেফৰী এপষ্টেইনৰ সৈতে গোপনে বন্ধুত্ব ৰাখিছিল বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি বিল গেটছে। প্ৰথমবাৰলৈ এই কথাৰে তেওঁক সমালোচনা কৰিছে বিচ্চেদিতা পত্নী মেলিণ্ডা ফ্ৰেন্স গেটছে। যোৱা মে’ মাহত বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেন্সে বিবাহবিচ্ছেদ লোৱাৰ পাছত প্ৰথমবাৰলৈ টেলিভিছনৰ সাক্ষাংকাৰত অংশগ্ৰহণ কৰি মেলিণ্ডাই কয় যে, তেওঁ নিজেও এপষ্টেইনক এবাৰ লগ পাইছিল আৰু সেয়া তেওঁৰ জীৱনৰ ভয়ানক ঘটনা এটা বুলিয়ে অভিহিত কৰে। এপষ্টেইন আৰু বিল গেটছৰ সম্পৰ্কও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণ নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মেলিণ্ডাই কয় যে আন বহুকেইটা কাৰণৰ মাজৰ এটা কাৰণ নিশ্চয় হয়। ৱাল ষ্ট্ৰীট জাৰ্ণালে ২০২০ চনত এটা বাতৰি প্ৰকাশ কৰিছিল যে ২০০০ চনত এগৰাকী কৰ্মচাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ তদন্তত সোমোৱাৰ বাবেই বিল গেটছে মাইক্ৰ’ছফটৰ চি ই অ’ পদ এৰিবলগীয়া হৈছে। এপষ্টেইনে জেলত থকা সময়তে ২০১৯ চনত আত্মহত্যা কৰে। বিবাহবিচ্ছেদ চূড়ান্ত হোৱাৰ সময়ত বিল গেটছে চি এন এনৰ আগত প্ৰকাশ কৰিছিল যে এপষ্টেইনৰ সৈতে সময় কটোৱাটো তেওঁৰ এটা ভুল আছিল।

You might also like