নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০০ উইকেটৰ ক্লাবত অশ্বিন

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ টেষ্ট ক্রিকেটত ৪০০ উইকেট দখল কৰা বলাৰৰ তালিকাত প্রৱেশ কৰিছে ৰবিচন্দ্রন অশ্বিন৷ টীম ইণ্ডিয়াৰ তাৰকা অফ স্পীনাৰগৰাকীয়ে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দিবা–নৈশ টেষ্টৰ দ্বিতীয় দিনা এই বিৰল কৃতিত্বৰ অধিকাৰী হয়৷ ইংলেণ্ডৰ জ’ফ্রা আর্চাৰক আউট কৰি অশ্বিনে কেৰিয়াৰৰ ৪০০সংখ্যক উইকেটটো দখল কৰে৷ এই কৃতিত্ব অর্জন কৰা তেওঁ হ’ল বিশ্বৰ দ্বিতীয় দ্রুততম বলাৰ৷ শ্রীলংকাৰ কিংবদন্তি অফ স্পীনাৰ মুথিয়া মুৰুলীধৰণে ৭২খন টেষ্টত ৪০০ উইকেট দখল কৰাৰ বিপৰীতে অশ্বিনে আজি ৭৭খন টেষ্টত এই বিৰল অভিলেখৰ অধিকাৰী হয়৷ টীম ইণ্ডিয়াৰ অভিজ্ঞ অফ স্পীনাৰগৰাকীয়ে ৰিচার্ড হেডলী (৮০খন টেষ্ট), ডেল ষ্টেইন (৮০খন টেষ্ট), ৰংগনা হেৰথ (৮৪খন টেষ্ট) আৰু অনিল কুম্বলে (৮৪খন টেষ্ট)ক অতিক্রম কৰি বিশ্বৰ দ্বিতীয় দ্রুততম বলাৰ হিচাপে ৪০০ উইকেট দখল কৰে৷ ইফালে, টেষ্ট ক্রিকেটত ৪০০ বা ততোধিক উইকেট দখল কৰা অশ্বিন হ’ল ভাৰতৰ চতুর্থগৰাকী বলাৰ৷ ৪০০ উইকেটৰ ক্লাবত অন্তর্ভুক্ত ভাৰতীয় বলাৰকেইগৰাকী হ’ল– অনিল কুম্বলে, কপিল দেৱ আৰু হৰভজন সিং৷ কুম্বলেই ৬১৯টা, কপিল দেৱে ৪৩৪টা আৰু হৰভজনে ৪১৭টা উইকেট দখল কৰি টেষ্ট কেৰিয়াৰ সামৰিছিল৷

You might also like