নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালেক্টৰৰ বিৰুদ্ধে অৰ্ধনগ্ন হৈ ব্যতিক্ৰমী প্রতিবাদ কংগ্রেছী বিধায়কৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মূৰ তলত থৈ ভৰি ওপৰ কৰি এক অভিনব পদ্ধতিৰে প্রতিবাদত বহিল কংগ্রেছৰ এজন বিধায়ক। অটল এক্সপ্রেছৱে’ৰ বাবে অধিগ্রহণ কৰা ভূমিৰ বিষয়ে কালেক্টৰৰ সৈতে আলোচনা কৰিবলৈ শ্বেপুৰৰ কাৰ্যালয়লৈ গৈছিল মধ্য প্রদেশৰ কংগ্রেছী বিধায়ক বাবু সিং জান্দেল। কিন্তু তেওঁক দেখা কৰাৰ পৰা বিৰত থাকে কালেক্টৰে। যাৰ বাবে বিধায়কগৰাকীয়ে কৰে অভিনৱ প্রতিবাদ।

বিধায়ক বাবু সিঙৰ সৈতে কালেক্টৰৰ ওচৰলৈ গৈছিল বহুজন সমর্থক আৰু কৃষক। কিন্তু বহু সময় ধৰি ৰৈ থকাৰ পাছতো কালেক্টৰে দেখা নকৰাৰ বাবে নিজা সমৰ্থকৰ সন্মুখতে বিধায়ক বাবু সিঙে এনেদৰে প্রতিবাদত বহে।

You might also like