নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বাবে এইবাৰো নহ’ব নেকি IPL?… নির্বিঘ্নে হ’ব আই পি এলঃ ৰাজীৱ শুক্লা

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা ক’ভিডৰ সংক্রমণে আগন্তুক আই পি এললৈ অনিশ্চয়তা কঢ়িয়াই আনিছে যদিও ঐশ্বর্যশালী টি–২০ লীগখন কোনো সমস্যা নোহোৱাকৈ অনুষ্ঠিত হ’ব৷ -এই মন্তব্যৰে ক্রিকেট অনুৰাগীক আশ্বস্ত কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই৷

ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান এ এন আইৰ আগত জ্যেষ্ঠ ক্রিকেট প্রশাসকগৰাকীয়ে কয় যে ক’ৰোনা ভাইৰাছৰ বর্ধিত সংক্রমণ নিশ্চয়কৈ উদ্বেগৰ বিষয়৷ সেইবাবেই বি চি চি আয়ে ইতিমধ্যে সকলো সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়ে ব’র্ডে মাত্র ৬টা স্থানক মেচ আয়োজনৰ বাবে বাছনি কৰিছে আৰু জৈৱ সুৰক্ষিত আবেষ্টনী তৈয়াৰ কৰিছে৷

দলৰ প্রতিগৰাকী খেলুৱৈৰ ক’ভিড টেষ্ট নিয়মীয়াকৈ সম্পন্ন কৰি থকা হৈছে৷ দলৰ মুঠ খেলুৱৈৰ সংখ্যাও বৃদ্ধি কৰা হৈছে৷ আই পি এলত অংশ ল’বলগীয়া খেলুৱৈ আৰু বিষয়ববীয়াৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিবলৈ ব’র্ডে পর্যাপ্ত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ সাজু বুলিও ৰাজীৱ শুক্লাই উল্লেখ কৰে৷

আই পি এলৰ প্রাক্তন অধ্যক্ষগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে খেলুৱৈক টিকা প্রদানৰ চিন্তা–চর্চা কৰি বি চি চি আয়ে স্বাস্থ্য মন্ত্রালয়ৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ ইফালে, মুম্বাইকে ধৰি সমগ্র মহাৰাষ্ট্রত ক’ভিডৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠা সত্ত্বেও মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামতে পূর্ব নির্ধাৰিত সূচী অনুসৰি আই পি এলৰ ১০খন মেচ অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ উপ–সভাপতিগৰাকীয় জানিবলৈ দিয়ে৷

তেওঁ কয় যে জৰুৰীকালীন স্থিতিৰ বাবে ব’র্ডে হায়দৰাবাদ আৰু ইন্দোৰক ষ্টেণ্ড বাই ভ্যেনু হিচাপে ৰাখিছে যদিও এই পর্যন্ত মুম্বাইৰ পৰা মেচ স্থানান্তৰিত হোৱাৰ কোনো সম্ভাৱনা নাই৷ ইফালে, মুম্বাই ক্রিকেট সন্থায়ো  স্পষ্ট কৰিছে যে ১০–২৫ এপ্রিলৰ ভিতৰত ৱাংখেড়েত আই পি এলৰ লীগ পর্যায়ৰ ১০খন মেচ অনুষ্ঠিত হ’ব৷ ৱাংখেড়েৰ ৮ গৰাকীকৈ গ্রাউণ্ডছমেন ক’ভিডত আক্রান্ত হোৱাৰ পিছতেই আই পি এলত আতংকৰ সৃষ্টি হৈছিল৷

You might also like