নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী বতৰঃ গুৱাহাটীত আৱর্জনা সংগ্ৰহৰ কথা পাহৰি গৈছে পৌৰ নিগমে?

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ নির্বাচনী প্রচাৰৰ ধামখুমীয়াৰ মাজতে মহানগৰবাসীয়ে দুর্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ নির্বাচনক কেন্দ্র কৰি মহানগৰীত কর্মৰত ব্যৱসায়ী–শ্রমিকসকল ঘৰমুৱা হোৱাত মহানগৰবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷

বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ একাংশ শ্রমিকে বিগত প্রায় এসপ্তাহ ধৰি জাবৰ নিষ্কাশন নকৰাত মহানগৰীত এক পূতিগন্ধময় পৰিৱেশে বিৰাজ কৰিছে৷ পথৰ দাঁতিত দ’মাই থোৱা গেলা–পচা আৱর্জনাৰ পৰা নির্গত হোৱা দুর্গন্ধই ইয়াৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে মহানগৰবাসীয়ে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে৷

গুৱাহাটী পৌৰ নিগমৰ দায়িত্বত থকা স্বেচ্ছাসেৱী সংগঠনৰ শ্রমিকে ঘৰে ঘৰে জাবৰ সংগ্রহ কৰিছিল যদিও যোৱা এসপ্তাহ ধৰি শ্রমিকসকলে জাবৰ সংগ্রহ নকৰাত মহানগৰবাসী বিশেষ সমস্যাৰ সন্মুখীন হৈছে৷

বিশেষকৈ মহানগৰীৰ দিছপুৰ, হাতীগাঁও, ছয়মাইল, বেলতলা, ভেটাপাৰা, ডাউন টাউন, চচল, বৰবাৰী, হেঙেৰাবাৰী, নুনমাটি–নাৰেংগী, বামুণীমৈদাম, চানমাৰি, উজানবজাৰ, খাৰঘুলি আদি অঞ্চলত বিগত প্রায় এসপ্তাহ ধৰি জিএমচিৰ শ্রমিকে জাবৰ সংগ্রহ কৰা নাই বুলি ভুক্তভোগী লোকসকলে জানিবলৈ দিছে৷

এইক্ষেত্রত পৌৰ নিগমে অনাগত দিনত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like