নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জি ট্ৰফীত ইতিহাস সৃষ্টিৰে চেম্পিয়ন জম্মু-কাশ্মীৰ

প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফীৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে জম্মু-কাশ্মীৰ ক্ৰিকেট দলে। যোৱা ৬৭ বছৰ ধৰি দলটোৱে দেখিছিল যি সপোন, অৱশেষত সেই সপোন পূৰণ হ’ল। ৬৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই এইবাৰেই প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় জম্মু-কাশ্মীৰে।

শনিবাৰে ফাইনেলত কৰ্ণাটকৰ বিৰুদ্ধে ড্ৰ মেচত প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত চেম্পিয়ন হয় জম্মু-কাশ্মীৰ। প্ৰথমে বেটিং কৰি জম্মু-কাশ্মীৰে প্ৰথম ইনিংছত বিশাল ৫৮৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত কৰ্ণাটক দলে মাত্ৰ ২৯৩ ৰানহে কৰিবলৈ সক্ষম হয়, ফলত প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে জম্মু-কাশ্মীৰে।

৪১ বছৰীয়া অধিনায়ক পৰশ ডোগ্ৰাৰ নেতৃত্বত দলটোৱে এই ঐতিহাসিক সফলতা অৰ্জন কৰে। খেলখনৰ পঞ্চম তথা অন্তিম দিনা জম্মু-কাশ্মীৰে দ্বিতীয় ইনিংছত চাৰি উইকেটত ৩৪২ ৰান সংগ্ৰহ কৰাৰ পিছত দুয়োটা দলৰ অধিনায়কে মেচখন ড্ৰ’ কৰিবলৈ সন্মতি জনায়। প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ফলত চেম্পিয়নৰ সন্মান লাভ কৰে জম্মু-কাশ্মীৰে।

এই জয় কেৱল এখন খিতাপ নহয়, ভাৰতীয় গৃহ ক্ৰিকেট ইতিহাসত এটি স্মৰণীয় অধ্যায় হিচাপে চিৰস্মৰণীয় হৈ থাকিব।

ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী

You might also like