নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস গঢ়াৰ পথত জম্মু–কাশ্মীৰ : ড্রৰ দিশে ৰঞ্জি ট্রফীৰ ফাইনেল

প্রথমবাৰলৈ ৰঞ্জি ট্রফীৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচনা কৰা জম্মু–কাশ্মীৰে আন এক ইতিহাস ৰচনা কৰাৰ দিশে আগবাঢ়িছে৷ কর্নাটকৰ বিপক্ষে খেলি থকা ফাইনেল মেচখন ড্রৰ দিশে অগ্রসৰ হৈছে যদিও প্রথম ইনিংছত অগ্রগতি লোৱাৰ সুবাদত চেম্পিয়ন হোৱাৰ পথত জম্মু–কাশ্মীৰ৷

প্রথম ইনিংছত ২৯১ ৰানৰ বৃহৎ অগ্রগতি লাভ কৰা জম্মু–কাশ্মীৰে দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি চতুর্থ দিনাৰ খেলৰ শেষলৈকে ৪টা উইকেট হেৰুৱাই ১৮৬ ৰান সংগ্রহ কৰিছে৷ দিনান্তত অ’পেনাৰ কামৰান ইকবালে ৯৪ আৰু ছাহিল ল’ট্রাই ১৬ ৰান কৰি ক্রিজত আছে৷ আব্দুল ছামাদে ৩২, অধিনায়ক পৰশ ড’গ্রাই ১৬, শুভম পুণ্ডিৰে ৪ আৰু য়াৱেৰ হাছানে ১ ৰান কৰি বিদায় লয়৷ হাতত ছটা উইকেট বাকী থকা অৱস্থাত দলটোৱে এতিয়ালৈকে সামগ্রিকভাৱে ৪৭৭ ৰানৰ অগ্রগতি লাভ কৰিছে৷

ইপিনে, তৃতীয় দিনা ৫ উইকেটত কৰা ২২০ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি কর্নাটকে চতুর্থ দিনা ভোজন বিৰতিৰ পূর্বে ২৯৩ ৰান কৰি প্রথম ইনিংছ সামৰে৷ আগদিনা ১৩০ ৰানত বেটিং কৰি থকা মায়ংক আগৰৱালে ১৬০ ৰানত বিদায় লয়৷

ইফালে, আগদিনা ২৭ ৰানত নটআউট হৈ থকা ক্রুথিক কৃষ্ণই আজি ৩৬ ৰানত বিদায় লয়৷ জম্মু–কাশ্মীৰৰ হৈ আকিব নবীয়ে সর্বাধিক ৫টা উইকেট লাভ কৰে৷

ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী

You might also like