নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৫ তাৰিখ
শনিবাৰ : তিথি–শুক্লাদ্বাদশী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : নাই

মেষ : আকস্মিকভাৱে অর্থ ক্ষতি হ’ব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ শুভ বর্ণ পাতল সেউজীয়া৷ দূৰ ভ্রমণৰ সুযোগ আহিব পাৰে৷ শুভ সংখ্যা ৩৷

বৃষ : কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰু–সুৰা অসুখে বিব্রত কৰিব৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ দিব৷ শুভ বর্ণ কমলা৷ শুভ সংখ্যা ৪৷

মিথুন : আর্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায়–বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ শুভ বর্ণ বেঙুনীয়া, ভ্রমণত শুভ৷ শুভ সংখ্যা ৮৷

কর্কট : মনৰ অস্থিৰতাৰ বাবে কর্মত বাধাগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে৷ শুভ বর্ণ গুলপীয়া বা বগা৷ শুভ সংখ্যা ৫৷

সিংহ : আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ শুভ সংখ্যা ৪৷

কন্যা : কর্মক্ষেত্রত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি৷ আর্থিকত বেয়া নহয়৷ যাত্রা কৰিলে ক্রীম ৰঙৰ পোছাক পিন্ধিব৷ শুভ সংখ্যা ১৷

তুলা : যোৱা দিনৰ তুলনাত আজি উন্নত৷ শৰীৰ সম্পর্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ ভ্রমণ হ’ব পাৰে৷ আপোনাৰ বর্ণ গাঢ় সেউজীয়া৷ শুভ সংখ্যা ৩৷

বৃশ্চিক : আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহয়৷ কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ ঘটিব পাৰে৷ শুভ বর্ণ গুলপীয়া, শুভ সংখ্যা ৩৷

ধনু : বন্ধুবর্গক লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে৷ সন্তানৰ সুকীর্তি দেখা যায়৷ আপোনাৰ শুভ বর্ণ বেঙুনীয়া৷

মকৰ : অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক৷ ভ্রমণত কষ্ট৷ শুভ বর্ণ বগা৷ শুভ সংখ্যা ১৷

কুম্ভ : আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব৷ বিদ্যার্থীৰ বেয়া নহ’ব৷ কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব৷ শুভ বর্ণ হালধীয়া৷ শুভ সংখ্যা ৮৷

মীন : কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব৷ বিদ্যাত যোগ্যতা দেখা যায়৷ ভ্রমণত বিশেষ বাধা নাই৷ শুভ বর্ণ ৰঙা৷ লগত ৰঙা ৰুমাল ল’ব৷ শুভ সংখ্যা ৬৷

You might also like