নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটক বিদায় ঝুলন গোস্বামীৰ

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অংশগ্রহণ কৰাৰ পিছতে ক্রিকেটক বিদায় জনালে ঝুলন গোস্বামীয়ে৷ আজি আনুষ্ঠানিকভাৱে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে তেওঁ৷ সামাজিক মাধ্যমত দিয়া এটি প’ষ্টৰ সহায়ত ঝুলনে আন্তর্জাতিক ক্রিকেটৰ পৰা নিজৰ অৱসৰৰ কথা ঘোষণা কৰে৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলা তৃতীয়খন এদিনীয়া মেচেই যে তেওঁৰ অন্তিম মেচ, সেই কথা আনুষ্ঠানিকভাৱে ঝুলনে কেতিয়াও প্রকাশ কৰা নাছিল৷ আনকি নিজৰ অৱসৰ সম্পর্কে তেওঁ কেতিয়াও মুখ খোলা নাছিল৷ তথাপি ব’ড আৰু সতীর্থ ক্রিকেটাৰসকলৰ তৰফৰ পৰা কোৱা হৈছিল যে কালিয়ে ঝুলনে অন্তিমখন আন্তর্জাতিক মেচ খেলিলে৷ এই মেচখনৰ পিছতে ঝুলনে আনুষ্ঠানিকভাৱে অৱসৰ ঘোষণা কৰে৷

ঝুলনে লিখিছে– ‘অৱশেষত সেই দিনটো আহি পালে৷ সকলো যাত্রাৰ যিদৰে শেষ হয়, মোৰ ২০ বছৰীয়া ক্রিকেট যাত্রাৰো তেনেদৰে সমাপ্ত হ’ল৷ সকলো ধৰণৰ আন্তর্জাতিক ক্রিকেটৰ পৰা আজি অৱসৰ ঘোষণা কৰিছোঁ৷’ তেওঁ লগতে লিখিছে– ‘অতিশয় তৃপ্তিদায়ক যাত্রা আছিল৷ ইয়াৰ উপৰি অতিশয় উত্তেজক৷ নিজৰ সর্বোচ্চ দি ২০ বছৰ ভাৰতৰ জার্ছী পিন্ধি থাকিব পৰাটো গৌৰৱৰ বিষয়৷ মেচৰ পূর্বে প্রতিবাৰে জাতীয় সংগীত শুনাৰ সময়ত গৌৰৱ অনুভৱ কৰিছিলোঁ৷’ ঝুলনে ধন্যবাদ জনাইছে বি চি চি আই, চি এ বি, ৰাষ্ট্রীয় ক্রিকেট একাডেমী আৰু এয়াৰ ইণ্ডিয়াক৷ তেওঁ লগতে লিখিছে যে ক্রিকেটাৰ হিচাপে ভাৰত আৰু সমগ্র বিশ্বত কিছু হ’লেও অৱদান আগবঢ়াব পাৰিছে৷

You might also like