নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআইৰ নির্দেশত মুস্তাফিজুৰক বাদ দিলে কেকেআৰে

নিউজ ডেস্ক, ৪ জানুৱাৰী : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ নির্দেশ পোৱাৰ পিছতে বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানক আগন্তুক আইপিএলত দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে কলকাতা নাইট ৰাইডার্ছে৷ শেহতীয়াকৈ হোৱা আইপিএলৰ নিলামত ফ্রেঞ্চাইজীটোৱে ক্রয় কৰিছিল বাংলাদেশী পেচাৰ মুস্তাফিজুৰক৷ কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পিছত মুস্তাফিজুৰক ক্রয় কৰাক লৈ বিতর্কৰ সূত্রপাত হয়৷ এই বিষয়ত সাধাৰণ লোকৰ লগতে ৰাজনৈতিক দলসমূহেও তীব্র ক্ষোভ প্রকাশ কৰিছিল৷

এনে বিতর্কৰ পিছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে মুস্তাফিজুৰ ৰহমানক এই বর্ষৰ আইপিএলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ব’র্ডে কলকাতা নাইট ৰাইডার্ছ কর্তৃপক্ষক বাংলাদেশী বলাৰজনক নিজৰ দলৰ পৰা অতি সোনকালে মুকলি কৰি দিবলৈ নির্দেশ দিছিল৷ শেহতীয়া নিলামত কলকাতাই ৯.২০ কোটি টকাৰ বৃহৎ ধনৰাশিৰে মুস্তাফিজুৰক ক্রয় কৰিছিল৷ বাংলাদেশী পেচাৰ মুস্তাফিজুৰক দলৰ পৰা মুকলি কৰিবলৈ বিচিচিআইৰ সচিব দেৱজিৎ শহকীয়াই কলকাতা নাইট ৰাইডার্ছলৈ এখন পত্র লিখিছিল৷ ব’ৰ্ডৰ পৰা এই পত্র লাভ কৰাৰ পিছতে কেকেআৰে মুস্তাফিজুৰক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ বাংলাদেশী খেলুৱৈগৰাকীৰ স্থানত আন যিকোনো বিদেশী খেলুৱৈক কেকেআৰে ল’ব পাৰিব বুলি বিচিচিআইৰ সচিব দেৱজিৎ শহকীয়াই সংবাদ প্রতিষ্ঠানৰ আগত এই বিষয়ে সদৰী কৰে৷

উল্লেখ্য যে এইবাৰৰ আইপিএলৰ নিলামত মুঠ ৭গৰাকী বাংলাদেশী খেলুৱৈয়ে অংশগ্রহণ কৰে৷ ইয়াৰে কেৱল মুস্তাফিজুৰৰ নিবিদা লাভ কৰিছিল৷

You might also like