KKR-ৰ মুখ্য প্রশিক্ষক চন্দ্রকান্ত পণ্ডিতৰ পদত্যাগ
বিগত দুবছৰ ধৰি কেকেআৰৰ দায়িত্বত থকা চন্দ্রকান্ত পণ্ডিতৰ প্রশিক্ষণতে ২০২৪ত অভিনেতা শ্বাহৰুখ খানৰ দলটোৱে আইপিএলৰ চেম্পিয়ন হৈছিল৷
আচম্বিতে তিনিবাৰৰ আইপিএলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছ KKR-ৰ মুখ্য প্রশিক্ষক চন্দ্রকান্ত পণ্ডিতে পদত্যাগ কৰিছে৷ প্রাক্তন টেষ্ট ক্রিকেটাৰগৰাকীয়ে এক্স হেণ্ডেলযোগে দলটোৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব এৰাৰ কথা সদৰী কৰিছে৷
বিগত দুবছৰ ধৰি কেকেআৰৰ দায়িত্বত থকা চন্দ্রকান্ত পণ্ডিতৰ প্রশিক্ষণতে ২০২৪ত অভিনেতা শ্বাহৰুখ খানৰ দলটোৱে আইপিএলৰ চেম্পিয়ন হৈছিল৷ অৱশ্যে বিগত বর্ষত KKRৰ প্রদর্শন যথেষ্ঠ নিম্নমানৰ আছিল আৰু ১৪খন মেচৰ মাত্র ৫খনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷
দলটোৰ সেই প্রদর্শনৰ পাছতেই KKRৰ মেনেজমেণ্টৰ সৈতে পণ্ডিতৰ ব্যৱধান বৃদ্ধি পাইছিল৷ KKRৰ দায়িত্ব এৰাৰ পাছত পণ্ডিতে এতিয়া কি দায়িত্বভাৰ গ্রহণ কৰিব সেয়া প্রকাশ কৰা নাই৷
Niyomiya Barta Desk, 30 July, 2025