নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনৰে শান্তি চুক্তি ৰ বাবে ৰাছিয়াক ১০ দিনৰ সময়সীমা ট্রাম্পৰ

ইউক্রেইনৰে ৰাছিয়াৰ শান্তি চুক্তিৰ প্রক্রিয়া কোনো আগবঢ়া নেদেখি ক্ষুণ্ণ ট্রাম্পে ৰাছিয়াক সকীয়নি দি কোনো কাৰণতে অপেক্ষা কৰা নহ’ব

আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প -এ ইউক্রেইনৰ সৈতে ৰাছিয়াক শান্তি চুক্তি ত সন্মত হ’বলৈ পূর্বে বান্ধি দিয়া সময় হ্রাস কৰিলে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ইউক্রেইনৰে শান্তি চুক্তিৰ বাবে ৰাছিয়াক ১০–১২ দিনৰ সময়সীমা বান্ধি দিলে৷

ইয়াৰ পূর্বে ৰাষ্ট্রপতি ট্রাম্পে ৰাছিয়াক ৫০ দিনৰ সময়সীমা বান্ধি দিছিল৷ ইউক্রেইনৰে ৰাছিয়াৰ শান্তি চুক্তিৰ প্রক্রিয়া কোনো আগবঢ়া নেদেখি ক্ষুণ্ণ ট্রাম্পে ৰাছিয়াক সকীয়নি দি কোনো কাৰণতে অপেক্ষা কৰা নহ’ব বুলি উল্লেখ কৰি এইবাৰ সময়সীমা ১০–১২ দিনলৈ হ্রাস কৰিলে৷

উল্লেখ্য যে ইউক্রেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধবিৰতি চুক্তি সম্পন্ন কৰিবলৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে দ্বিতীয়বাৰৰ বাবে কার্যভাৰ গ্রহণ কৰিয়েই পদক্ষেপ গ্রহণ কৰি আহিছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই৷ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ কূটনীতি বুজিব পৰা নাই ট্রাম্পে৷

Niyomiya Barta Desk, 30 July, 2025

You might also like