নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত ইনিংছ মুকলি কৰিব কোহলিয়ে

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ আগন্তুক টি–২০ বিশ্বকাপত অ’পেনাৰৰ ৰূপত দেখা যাব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক৷ যোৱানিশা আহমেদাবাদত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত অন্তিম তথা নির্ণায়ক টি–২০ত ইনিংছ মুকলি কৰি চমকপ্রদ সাফল্য অর্জনৰ পিছতে অধিনায়ক কোহলিয়ে এই ইচ্ছাৰ কথা ব্যক্ত কৰিছে৷

‘ৰোহিতৰ সৈতে আজি মই ইনিংছ মুকলি কৰি দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি অত্যন্ত আনন্দিত৷ খেলপথাৰত নমাৰ পূর্বেই আমি পৰিকল্পনা ৰচিছিলোঁ যে ৰোহিত আৰু মোৰ মাজৰ যিকোনো এজনে দীঘলীয়া সময়লৈ উইকেটত থাকিব লাগিব আৰু ভাৰতক বৃহৎ স্ক’ৰৰ দিশে নিব লাগিব৷ আৰম্ভণিতে ৰোহিতে আক্রমণাত্মক বেটিঙেৰে ইংলেণ্ডৰ বলাৰক দিশহাৰা কৰে৷ পৰৱর্তী সময়ত সূর্যকুমাৰ যাদৱ আৰু হার্দিক পাণ্ডিয়াৰ সৈতে মই বৃহৎ শ্বট খেলিবলৈ আৰম্ভ কৰোঁ৷ এইবাৰ মই আই পি এলতো ইনিংছ মুকলি কৰিম৷ বিগত সময়ছোৱাত মই বিভিন্ন বেটিং স্থানত খেলিছোঁ৷ কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে আমাৰ মিডল অর্ডাৰ যথেষ্ট সুদৃঢ় হৈ উঠিছে৷ গতিকে মই ৰোহিতৰ সৈতে টি–২০ বিশ্বকাপত ইনিংছ মুকলি কৰিব বিচাৰিম৷’ –অধিনায়ক কোহলিয়ে এইদৰে কয়৷

উল্লেখ্য যে শনিবাৰে নিশা ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম টি–২০ত ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰি কোহলিয়ে মাত্র ৫২টা বলৰ সন্মুখীন হৈ ৮০ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ অ’পেনিং যুটিত তেওঁলোকে ৯৪ ৰান যোগ দি ভাৰতক শক্তিশালী আৰম্ভণি প্রদান কৰিবলৈ সক্ষম হয়৷ পাঁচখন মেচৰ শৃংখলাটোত মুঠ ২৩১ ৰান সংগ্রহ কৰি মেন অৱ দ্য ছিৰিজ বিবেচিত হোৱা কোহলিয়ে উদীয়মান তাৰকা সূর্যকুমাৰ যাদৱ, ঈশাণ কিশন আৰু শ্রেয়াছ আয়াৰক প্রচুৰ প্রতিভাসম্পন্ন বেটছমেন বুলি অভিহিত কৰে৷ তেওঁলোকৰ আগমনে টীম ইণ্ডিয়াৰ মিডল অর্ডাৰ সুদৃঢ় কৰি তুলিছে৷ ৰবীন্দ্র জাদেজা আৰু যশপ্রীত বুমৰাহ দললৈ উভতিলে টীম ইণ্ডিয়া অধিক শক্তিশালী হৈ উঠিব বুলিও অধিনায়ক কোহলিয়ে উল্লেখ কৰে৷

ইফালে, ভাৰতৰ প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰে ৰোহিত শর্মা আৰু বিৰাট কোহলিক টি–২০ মেচত টীম ইণ্ডিয়াৰ অ’পেনাৰৰ ৰূপত প্রত্যক্ষ কৰিব বিচাৰে বুলি সদৰী কৰিছে৷ যোৱানিশা কোহলি আৰু ৰোহিতে ভাৰতৰ হৈ ইনিংছ মুকলি কৰি চমকপ্রদ সাফল্য অর্জনৰ পিছত গাভাস্কাৰে কয় যে সীমিত অ’ভাৰ ক্রিকেটৰ সর্বশ্রেষ্ঠ বেটছমেন দুগৰাকীয়ে সর্বাধিকসংখ্যক অ’ভাৰ খেলাৰ সুযোগ পাব লাগে৷ সেয়েহে ৰোহিতৰ সৈতে কোহলিয়ে অ’পেনাৰ ৰূপত খেলপথাৰত নামিলে টীম ইণ্ডিয়া অধিক উপকৃত হ’ব৷

You might also like