নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হল অৱ ফেমত কিংবদন্তি পেচাৰ ব্রেট লী

তালিকাত কিংবদন্তি ক্রিকেটাৰ ডন ব্রেডমেন, ৰিকি পণ্টিং, কেইথ মিলাৰ, ডেনিছ লিলি, য়ান চেপেল, গ্রেগ চেপেলকে ধৰি বহু তাৰকা খেলুৱৈ আছে

কিংবদন্তি ক্রিকেটাৰ তথা এসময়ৰ দুর্দান্ত পেচাৰ ব্রেট লীৰ নাম হল অৱ ফেমত অন্তর্ভুক্ত হৈছে৷ ক্রিকেট অষ্ট্রেলিয়াই শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰী কৰিছে৷

৭৬খন টেষ্ট, ২২১খন এদিনীয়া মেচত অষ্ট্রেলিয়াক প্রতিনিধিত্ব কৰা ব্রেট লীয়ে ৭১৮টা উইকেটৰে দেশখনৰ চতুর্থ সর্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল৷

তেওঁ ২৫খন আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটতো অংশ লৈ ২৮টা উইকেট দখল কৰিছিল৷ বেটিঙতো দলৰ সংকটৰ সময়ত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱাত ব্রেট লীয়ে ২,০১২টা ইনিংছত ২,৭২৮ ৰান সংগ্রহ কৰিছিল৷

আইচিচিৰ তিনিটা গুৰুত্বপূর্ণ খিতাপ জয়ী দলৰ সদস্য আছিল ব্রেট লী৷ ২০০৩ চনৰ আইচিচি বিশ্বকাপৰ লগতে ২০০৬ আৰু ২০০৯ চনৰ আইচিচি চেম্পিয়নছ ট্রফী জয়ী দলৰ সদস্য আছিল ব্রেট লী৷ ১৯৯৬ চনত শুভাৰম্ভ কৰাৰ পৰা অষ্ট্রেলিয়াৰ ৬০গৰাকী সদস্যই হল অৱ ফেমত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷

এই তালিকাত কিংবদন্তি ক্রিকেটাৰ ডন ব্রেডমেন, ৰিকি পণ্টিং, কেইথ মিলাৰ, ডেনিছ লিলি, য়ান চেপেল, গ্রেগ চেপেলকে ধৰি বহু তাৰকা খেলুৱৈ আছে৷

ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ

You might also like