নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচণ্ড পেটৰ বিষ হঠাৎ চিকিৎসাধীন লোকেশ ৰাহুল

নিয়মীয়া বাৰ্তা, ৩ মে’: আইপিএলত মোক্ষম আঘাতৰ সন্মুখীন হৈছে পঞ্জাব কিংছ৷ ধাৰাবাহিক পৰাজয়ৰ পিছত শেহতীয়াকৈ শক্তিশালী আৰচিবিক পৰাস্ত কৰি জয়ৰ ছন্দ বিচাৰি পোৱা দলটোৰ অধিনায়ক লোকেশ ৰাহুল চিকিৎসাধীন হ’বলগীয়া হৈছে৷ যোৱানিশা হঠাতে হোৱা প্রচণ্ড পেটৰ বিষৰ বাবে তাৰকা অ’পেনাৰগৰাকীক চিকিৎসালয়ত ভর্তি কৰাবলগীয়া হয়৷ পঞ্জাব কিংছে এক বিবৃতিত প্রকাশ কৰিছে যে শনিবাৰে নিশা ৰাহুল হঠাতে পেটৰ বিষত ভোগে৷

দলীয় চিকিৎসকে তেওঁক দৰব দিয়ে যদিও দৰবে কোনো কাম নিদিয়ে৷ ফলত ক্রিকেটাৰগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ চিকিৎসালয়ত পৰীক্ষাৰ অন্তত ৰাহুলৰ পেটত এপেণ্ডিছাইটিছ ধৰা পৰে৷

উল্লেখ্য যে চলিত আইপিএলত ৩৩১ ৰানেৰে ৰাহুলে অ’ৰেঞ্জ কেপ লাভ কৰি আছিল৷ আৰচিবিৰ বিৰুদ্ধে শেহতীয়া মেচখনত বিস্ফোৰক বেটিঙেৰে তেওঁ ৯১ ৰানৰ আকর্ষণীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল৷ তেওঁৰ অনুপস্থিতিত আজি পঞ্জাব কিংছক নেতৃত্ব দিয়ে মায়ংক আগৰৱালে৷

You might also like