নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুত্বহীন মেচত জয়লাভ লক্ষ্ণৌৰ, ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছ

ডিজিটেল ডেস্ক, ১৬ মে’ : চলিত ছিজনত শোচনীয় প্রদর্শন কৰা ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুৰুত্বহীন মেচত বিজয় সাব্যস্ত কৰে৷

প্রথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৮৭ ৰান সংগ্রহ কৰে৷ সঞ্জু ছেমছন, ৰুতুৰাজ গাইকোৱাড আৰু উর্ভিল পেটেল ব্যর্থ হোৱাৰ পাছত কার্তিক শর্মাই ৪২টা বলত ৭১ ৰানৰ সুন্দৰ ইনিংছ খেলে৷ তেওঁৰ উপৰি ডেৱাল্ড ব্রেভিছ আৰু শিৱম ডুবেই ক্রমে ২৫ আৰু ৩২ ৰানৰ বৰঙণিৰে দলীয় স্ক’ৰ ১৮৭ত উপনীত কৰায়৷

লক্ষ্ণৌৰ হৈ আইপিএলত অভিষেক ঘটোৱা আকাশ সিঙে চমকপ্রদ বলিঙেৰে ২৬ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰে৷ প্রত্যুত্তৰত লক্ষ্ণৌৱে অ’পেনাৰ মিচেল মার্শ্ব আৰু জ’ছ ইংলিছৰ বিস্ফোৰক বেটিঙেৰে প্রথম উইকেটত ১৩৫ ৰানৰ যুটি বান্ধি দলক শক্তিশালী স্থিতি দিয়ে৷ ৩৮টা বলত ৯টা চাৰি আৰু সাতটা ছয়েৰে ৯০ ৰানৰ ইনিংছ খেলা মিচেল মার্শ্বে নিকোলাচ পুৰানৰ শ্বটত নন ষ্ট্রাইকত দুর্ভাগ্যজনকভাৱে ৰানআউট হৈ শতক বঞ্চিত হয়৷

অৱশ্যে পুৰানে ১৭টা বলত চাৰিটা ছয় আৰু এটা চাৰিৰে ৩২ ৰান কৰি দলৰ বিজয় নিশ্চিত কৰে৷ মুকুল চৌধুৰীয়ে ১৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ মেচখনত ৭ উইকেটত পৰাস্ত হয় চেন্নাই ছুপাৰ কিংছ৷

You might also like