নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা : স্বামী-স্ত্ৰীৰ মৃত্যু

ডিজিটেল ডেস্ক, ১৬ মে’ : চিৰাং জিলাৰ বিজনী-কুকলুং পথৰ উত্তৰ শিলবাৰীত শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, AS-26 F-2229 নম্বৰৰ এখন তীব্ৰবেগী চাৰিচকীয়া ছুইফট বাহনে পিছফালৰ পৰা এখন স্কুটীক খুন্দা মাৰে। দুৰ্ঘটনাটোত স্কুটী আৰোহী অনামিকা পাটগিৰি ৰায় নামৰ মহিলাগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা CISF-ত কৰ্মৰত ৰাহুল ৰায়ৰ বঙাইগাঁৱৰ ল’ৱাৰ অসম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। কিছুদিন পূৰ্বে ৰাহুলে ছুটী লৈ ঘৰলৈ আহিছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত দম্পতীৰ একমাত্ৰ কন্যা কস্তুৰী ৰায় গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁ ল’ৱাৰ অসম হাস্পতালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে গাঁওখনৰ মন্দিৰত অনুষ্ঠিত বাৰ্ষিক পূজা সমাপন কৰি ৰাহুল ৰায়, পত্নী অনামিকা পাটগিৰি ৰায় আৰু কন্যা কস্তুৰী ৰায় স্কুটীৰে ভুমকিপাৰাৰ নিজ গৃহলৈ উভতি আহি থকাৰ সময়তে উত্তৰ শিলবাৰীত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই চাৰিচকীয়া বাহনখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বাহনখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

You might also like