নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃহাৰা হ’ল বেগী বলাৰ মঃ চিৰাজ, থাকিব নাপালে পিতৃৰ জানাজাত

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা উদীয়মান বেগী বলাৰ মহম্মদ চিৰাজৰ পিতৃ মহম্মদ ঘউছে শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ হূদৰোগত আক্রান্ত হৈ থকা ৫৩ বছৰীয়া ঘউছৰ হায়দৰাবাদস্থিত বাসগৃহত মৃত্যু হোৱা বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে প্রকাশ কৰিছে৷

তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি ব’ৰ্ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে কৈছে যে এই জটিল সময়ত মহম্মদ চিৰাজক ভগৱানে অসীম শক্তি দিয়ক, যাতে তেওঁ পিতৃ বিয়োগৰ বেদনা সহ্য কৰিব পাৰে৷ অষ্ট্রেলিয়া ভ্রমণত চিৰাজৰ সফলতাও কামনা কৰে ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে৷ ক্রিকেটাৰগৰাকীৰ আই পি এলৰ ফ্রেনচাইজী ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে ছ’চিয়েল মিডিয়াত চিৰাজ আৰু তেওঁৰ পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

উল্লেখ্য যে ভাৰতৰ হৈ তিনিখন টি–২০ আৰু এখন এদিনীয়া মেচ খেলা প্রতিভাৱান বেগী বলাৰ মহম্মদ চিৰাজে আই পি এলৰ দায়িত্ব সামৰি যোৱা ১৩ নৱেম্বৰত ভাৰতীয় দলৰ সৈতে অষ্ট্রেলিয়াত উপস্থিত হৈছিল৷ সম্প্রতি ছিডনীত কোৱাৰেণ্টাইনত থকা খেলুৱৈগৰাকীয়ে ক’ভিড প্রট’কলৰ বাবে পিতৃৰ অন্ত্যেষ্টিক্রিয়াত অংশ ল’বলৈ স্বদেশলৈ আহিব নোৱাৰে৷ বিৰাট কোহলি নেতৃত্বাধীন আৰ চি বিৰ হৈ সুন্দৰ প্রদর্শনেৰে চিৰাজে সদ্যসমাপ্ত আই পি এলত ১১টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷

You might also like