মানচেষ্টাৰ টেষ্ট ড্ৰ : জাদেজা–ৱাশ্বিংটনৰ দুর্দান্ত অলৰাউণ্ড প্রদর্শন
🔹 ভাৰতৰ যুঁজাৰু মানসিকতাত তচনচ ইংলেণ্ডৰ দম্ভ
নিউজ ডেস্ক, ২৮ জুলাই : সন্মুখত পাহাৰসম লক্ষ্যৰে মানচেষ্টাৰ টেষ্টৰ পঞ্চম দিনা ভাৰতীয় বেটাৰৰ বাবে সৃষ্টি হৈছিল তীব্র প্রত্যাহ্বান৷ ভাৰতৰ বাবে মেচ জিকা সম্ভৱপৰ নাছিল৷ তথাপি ভাৰতৰ যুঁজাৰু মানসিকতাত তচনচ হৈ পৰে ইংলেণ্ডৰ দম্ভ।
মেচখনত প্রথমে ইনিংছ পৰাজয়ৰ লজ্জাৰ পৰা হাত সৰাৰ পিছত ড্রৰ লক্ষ্যত সফল হয় গিল বাহিনী৷ শুভমন গিলৰ শতৰানৰ পিছত যুঁজ দিলে ৰবীন্দ্র জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে৷ লর্ডছত শেষ পর্যন্ত যুঁজ দি দলক জিকাব পৰা নাছিল জাদেজাই৷ সেই দুখ মানচেষ্টাৰত পাহৰাৰ চেষ্টা কৰিলে তেওঁ৷
প্রথম ইনিংছত ভাৰতে সংগ্রহ কৰা ৩৫৮ ৰানৰ প্রত্যুত্তৰত ভাৰতীয় বলিঙক একপ্রকাৰ দিশহাৰা কৰি ৬৬৯ ৰান কৰে ইংলেণ্ডে৷ ভাৰতৰ বিৰুদ্ধে ৩১১ ৰানৰ অগ্রগতি লাভ কৰে ঘৰুৱা দলটোৱে৷ চতুর্থ দিনা বেটিং কৰিবলৈ নামি দ্বিতীয় ইনিংছৰ আৰম্ভণিতে দুটা উইকেট হেৰুৱাই চাপৰ মাজত পৰে ভাৰত৷ ক্রিছ ৱকছৰ চতুর্থ আৰু পঞ্চম বলত অগা–পিছাকৈ বিদায় লয় যশস্বী জয়ছোৱাল আৰু সাই সুদর্শনে৷ মধ্যাহ্ণ ভোজনৰ সময়ত ভাৰতৰ ৰান আছিল ১ ৰানত ২ উইকেট৷ তাৰ পিছত মেচ ৰক্ষা কৰিবলৈ লৌহ কঠিন মানসিকতাৰে বেটিং কৰি সফল হয় ৰাহুল আৰু অধিনায়ক গিল৷ চতুর্থ দিনাৰ শেষত ৰাহুল ৮৭ ৰানত অপৰাজিত থকাৰ বিপৰীতে আনটো দিশত ৭৮ ৰান বেটিং কৰি আছিল গিলে৷ অৱশ্যে পঞ্চম দিনা বেন ষ্ট’কছৰ বলত ৯০ ৰানত বিদায় লয় ৰাহুলে৷ কিন্তু উইকেটত খোপনি পুতি ২২৮টা বলত শতৰান অর্জন কৰে অধিনায়ক গিলে ৷ অৱশ্যে ইয়াৰ পিছত মাত্র ৩ ৰান যোগ দিয়ে জোফ্রা আর্চাৰৰ বলত আউট হয় তেওঁ৷
গিল আউট হোৱাৰ পিছত অধিক জটিল পৰিস্থিতিত পৰে ভাৰতৰ দুই নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ জাদেজা আৰু ৱাশ্বিংটন। যুঁজাৰু মানসিকতা প্ৰদৰ্শনেৰে অধিনায়কৰ পথেৰেই দলক আগুৱাই নিয়ে দুই অলৰাউণ্ডাৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে৷ দুয়োজনে দলক প্রথমে ইনিংছ পৰাজয়ৰ পৰা মুক্ত কৰে৷ ইয়াৰ পিছত দৃঢ়তাপূর্ণ বেটিঙেৰে দুয়োগৰাকীয়ে শতৰান অর্জন কৰে৷ জাদেজাই ১৮৫টা বলত ১০৭ ৰান আৰু ৱাশ্বিংটনে ২০৬টা বলত ১০১ ৰান কৰে৷ ইয়াৰ লগে লগে ভাৰতে ৪ উইকেটত ৪২৫ ৰান কৰা অৱস্থাত দুয়োটা দলৰ সন্মতিক্রমে মেচখন ড্র ৰূপে ঘোষণা কৰা হয়৷
অৱশ্যে খেলখনৰ অন্তিম সময়ত ভাগৰি পৰা ইংলেণ্ডৰ খেলুৱৈৰ আচৰণত হতভম্ব হৈ পৰে ক্ৰিকেটপ্ৰেমী। খেলখন ফলাফলবিহীন হোৱাৰ সম্ভাৱনা দেখি ইংলেণ্ডৰ অধিনায়ককে ধৰি কেইবাগৰাকীও ক্ৰিকেটাৰে ভাৰতীয় খেলুৱৈক হাত মিলাই খেলখন ড্ৰ ৰূপে সমাপ্ত কৰাৰ বাবে আহ্বান জনায়। এটা সময়ত এই লৈ ইংৰাজ খেলুৱৈয়ে জাদেজাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈও কুণ্ঠাবোধ নকৰে। অৱশ্যে শতকৰ ওচৰ চপা জাদেজা আৰু ৱাশ্বিংটনে টীম মেনেজমেণ্টৰ সিদ্ধান্ত অনুসৰি আৰু অলপ সময় খেলপথাৰত থকাৰ বিষয়ে ইংৰাজ ক্ৰিকেটাৰক অৱগত কৰে। শেষত ভাৰতৰ দুয়োগৰাকী অলৰাউণ্ডাৰে নিজৰ নিজৰ শতক অৰ্জন কৰে।