নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰে যুদ্ধত নামিল টীম ইণ্ডিয়াৰ অধিনায়ক কোহলি

নিয়মীয়া বাৰ্তা, ৭ মেঃ মাৰাত্মক ক’ৰোনাৰ বিপক্ষে যুঁজত নামিল টীম ইণ্ডিয়া তথা ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলি৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে আই পি এল আধাতে স্থগিত ৰখাৰ পিছত মুম্বাইস্থিত নিজ ঘৰত উপস্থিত হৈ সময় নষ্ট নকৰি ক’ৰোনাৰে যুঁজত নামি পৰিল টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে৷ ক’ৰোনাত আক্রান্ত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি অহা বিৰাট কোহলিয়ে মঙলবাৰে যুৱ সেনাৰ সদস্য ৰাহুল এন কনালৰ সৈতে মিলিত হয়৷ ক’ভিড–১৯ত আক্রান্ত হোৱা লোকসকলক কেনেধৰণে সহায়ৰ হাত আগবঢ়াব, সেই সন্দর্ভত যুৱ সেনাৰ সদস্যগৰাকীৰ সৈতে আলোচনাত মিলিত হয় ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে৷ এই সহায়ৰ সময়ত বিৰাট কোহলিক সংগ দিয়ে পত্নী অনুষ্কা শর্মায়ো৷

বিৰাট কোহলি ফাউণ্ডেচনৰ পৰা সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব বুলি কোহলিয়ে আশ্বাস প্রদান কৰে যুৱ সেনাৰ সদস্যগৰাকীৰ আগত৷ ইতিমধ্যে ক’ভিডত আক্রান্তসকলক সহায় কৰাৰ বাবে আগবাঢ়ি অহা বিৰাট কোহলিৰ সৈতে যুৱ সেনাৰ সদস্য ৰাহুলে তেওঁলোকৰ ফটো টুইটাৰতো আপলোড কৰিছে৷ উল্লেখ্য যে ভাৰতত ক’ৰোনাৰ দ্বিতীয় জোৱাৰ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশৰ ছখন চহৰত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণটো অনির্দিষ্টকালৰ বাবে স্থগিত ৰখা হয়৷

You might also like