নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধৰুৱা হৈ ৰ’ব নেকি মেছি–ৰ’নাল্ডোৰ সপোন

  • কাইলৈৰ পৰা কাটাৰত মহাৰণ
  • দুই মহাৰথীৰ বাবে বিশ্বজয়ৰ অন্তিম সুযোগ

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : চাৰিবছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই আৰু কেইঘণ্টামানৰ পাছতে কাটাৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ফুটবলৰ মহাৰণ৷ বিভিন্ন কাৰণত আসন্ন বিশ্বকাপ ফুটবলে দৃষ্টি আকর্ষণ কৰিছে বিশ্ববাসীৰ৷ আয়োজন, আন্তঃগাঁথনি, সাজ–সজ্জা, ব্যক্তি আদি সকলোতে অন্য আয়োজক দেশক অতিক্রম কৰিবলৈ আগবাঢ়িছে কাটাৰে৷ ইয়াৰ লগতে সংযুক্ত হৈছে বিভিন্ন বিতর্ক৷ অৱশ্যে এইবোৰৰ উপৰি কাটাৰ বিশ্বকাপ দুগৰাকী ফুটবল মহাৰথীৰ সর্বাধিক গুৰুত্বপূর্ণ৷ নিশ্চিতভাৱে এই দুগৰাকী খেলুৱৈ হ’ল লি’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ বর্তমান প্রজন্মৰ এই দুগৰাকী বিশ্ব শ্রেষ্ঠ ফুটবলাৰে বর্ণিল কেৰিয়াৰত আহৰণ কৰিছে সফলতাৰ সর্বোচ্চ শৃংগ৷ কেৱল তেওঁলোকৰ বাবে আজিও আধৰুৱা হৈ আছে বিশ্বকাপ জয়ৰ স্বপ্ন৷ সেই বাবে এইবাৰ বিশ্বকাপত তেওঁলোকে ট্রফী লাভ কৰক বা নকৰক শিৰ উন্নত কৰি বিদায় লোৱাৰ এখন মঞ্চ নির্মাণ কৰাৰ এয়াই শেষ সুযোগ৷ মেছিৰ বয়স বর্তমান ৩৫ আৰু ৰ’নাল্ডোৰ বয়স ৩৭ বছৰ৷

দ্বিধাহীনভাৱে ক’ব পাৰি যে এইখনেই দুয়োগৰাকীৰ বাবে শেষ বিশ্বকাপ৷ নিজৰ দেশত এতিয়াও বন্দিত নহয় মেছি৷ ইয়াৰ একমাত্র কাৰণটো হ’ল তেওঁ এইপর্যন্ত পৰিধান কৰিব পৰা নাই বিশ্বকাপ ফুটবলৰ মুকুট৷ আর্জেণ্টিনাত ফুটবলৰ ভগৱান বুলি পূজা কৰা প্রয়াত ফুটবলাৰ ডিয়েগো মাৰাডোনাই দেশক এবাৰ বিশ্বকাপ উপহাৰ দিয়াৰ লগতে এবাৰ দলক ফাইনেললৈ উন্নীত কৰাইছে৷ মেছিয়েও নিজ দলক ফাইনেলৰ মঞ্চত উপনীত কৰাইছে৷ কিন্তু এখন মেচৰ ব্যৱধানত আধৰুৱা হৈ ৰৈছে বিশ্ব ক্রীড়াংগনৰ সর্বোচ্চ প্রতিযোগিতাখনৰ খিতাপ৷ সেই বাবে সকলো পোৱাৰ পাছতো যেন তেওঁৰ হাত শূন্য৷ কেইবছৰমান আগতে এক সাক্ষাৎকাৰত মেছিয়ে কৈছিল যে বিশ্বকাপ ফুটবলৰ এটা ট্রফীৰ সলনি তেওঁ সকলো বেলন ডি’ৰ বঁটা দিবলৈ সাজু আছে৷ গতিকে বিশ্বকাপ জয় কৰিবলৈ তেওঁ কিমান ব্যাকুল, সেই কথা এই সাক্ষাৎকাৰৰ পৰাই বুজিব পাৰি৷ মেছিয়ে দেশক কোপা আমেৰিকা, ফাইনেলিছিমাকে ধৰি সকলো আগশাৰীৰ ট্রফী উপহাৰ দিছে৷ বাকী আছে কেৱল বিশ্বকাপ৷ এই কথা সমানেই প্রযোজ্য ৰ’নাল্ডোৰ পর্তুগালৰ ক্ষেত্রতো৷ এইগৰাকী মহাতাৰকায়ো জয় কৰিব পৰা নাই বিশ্বকাপ৷

অৱশ্যে মেছিৰ আর্জেণ্টিনাত ফুটবলক লৈ যি উন্মাদনা সেয়া পর্তুগালত নাই৷ ইয়াৰ কাৰণ হ’ল দেশখনে বিশ্বকাপত আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ কেৱল ১৯৬৬ চনত বিশ্বকাপৰ ছেমিফাইনেলত প্রৱেশ কৰিছিল দেশখনে৷ সেইবাৰ প্রায় অকলশৰে প্রয়াত ফুটবলাৰ ইউছেবি’ই পর্তুগালবাসীক বিশ্বজয়ৰ সপোন দেখুৱাইছিল৷ অৱশ্যে দেশৰ হৈ ৰ’নাল্ডোৰ সাফল্য বৰ কম নহয়৷ তেওঁৰ বাবেই দেশখনে প্রথমবাৰ ইউৰো কাপ আৰু নেচনছ লীগ অর্জন কৰিছে৷ দুটাকৈ আন্তর্জাতিক ট্রফীও আছে তেওঁৰ দখলত৷ বেলন ডি’ৰকে এগৰাকী ফুটবলাৰৰ জীৱনৰ সর্বশ্রেষ্ঠ পুৰস্কাৰ বুলি গণ্য কৰা হয়৷ এই পর্যন্ত আঙুলিৰ মূৰত লেখিব পৰা কেইগৰাকীমান ফুটবলাৰেহে এই সন্মান অর্জন কৰিছে৷ কিন্তু মেছি আৰু ৰ’নাল্ডোৱে যিদৰে এই পুৰস্কাৰ কুক্ষিগত কৰিছে, সেয়া নজিৰবিহীন৷ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ এই সময়ছোৱাত মেছি আৰু ৰ’নাল্ডোৰ বাহিৰে কোনেও বেলণ্ডি’ৰ জয় কৰা নাই৷ এই দুই ফুটবলাৰৰ ওপৰত নির্ভৰ কৰে বিশ্বৰ অর্থনীতি৷ কোনে ভাল খেলিছে, কোনে বেয়া খেলিছে তাৰ ওপৰত শ্বেয়াৰ বজাৰৰ দৰ উঠা–নমা কৰে৷ বিশ্বৰ নামী–দামী সংস্থাৰ ব্রেণ্ড এম্বেছাডৰ তেওঁলোক৷ তেওঁলোকে যিটো ক্লাবৰ হৈ খেলে সেই ক্লাবৰ শ্বেয়াৰ দৰ আকাশলংঘী হৈ পৰে৷ দীঘলীয়া শাৰী পাতি থাকে স্পনছৰ৷ মেছি আৰু ৰ’নাল্ডো সেই দেশ অথবা ক্লাবক ভাল পাবলৈ ধৰে সাধাৰণ ফুটবল অনুৰাগীয়ে৷ এইবাৰ দুয়োগৰাকী ফুটবলাৰৰে জীৱনৰ অপৰাহ্ণ৷

ইতিমধ্যে ক্লাব পর্যায়ত তেওঁলোকৰ প্রতিপত্তি হ্রাস পাইছে৷ মেছি এতিয়া পি এছ জিৰ মুখ্য ফুটবলাৰ নহয়৷ ইপিনে নিজ ক্লাবৰ বিৰুদ্ধে প্রকাশ্যে মুখ খোলা বাবে ৰ’নাল্ডো মানচেষ্টাৰ ইউনাইটেডত অনিশ্চিত হৈ পৰিছে ভৱিষ্যৎ৷ জীৱনৰ শেষ পর্বত কোনো ফুটবলাৰেই আকর্ষণৰ কেন্দ্রবিন্দু হৈ নাথাকে৷ পেলেই জীৱনৰ শ্রেষ্ঠ ছন্দত থাকোঁতেই ফুটবলক বিদায় জনাইছিল৷ মাৰাডোনাৰ ফুটবল জীৱন শেষ হৈছিল ড্রাগ্ছ সেৱন কৰি নির্বাসিত হৈ এক বিষাক্ত অধ্যয়ৰ মাজেৰে৷ এইখিনিতেই মেছি আৰু ৰ’নাল্ডো আনতকৈ পৃথক হৈ উঠিব পাৰে৷ হ’ব পাৰে ফুটবল বিশ্বৰ বাবে এক উজ্জ্বল উদাহৰণ৷ যদিহে ফুটবল জীৱনৰ শেষ প্রান্তত উপনীত হৈ তেওঁলোকে জয় কৰিব পাৰে চিৰ ঈপ্সিত বিশ্বকাপ৷ ইয়াৰ উত্তৰ পোৱা যাব ১৮ ডিচেম্বৰত৷ সেই দিনাই অনুষ্ঠিত হ’ব কাটাৰ বিশ্বকাপৰ চূড়ান্ত খেল৷

You might also like