নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱপ্রভাতঃ ভাৰতত প্রথম ব্যক্তিগত ৰকেট বিক্রম–এছ সফলতাৰে উৎক্ষেপণ

  • ভাৰতৰ মহাকাশ খণ্ডত ইতিহাস সৃষ্টি ইছৰোৰ
  • শ্রীহৰিকোটাৰ পৰা ব্যক্তিগত খণ্ডৰ স্কাইৰুট এৰ’স্পেচে বিকশিত কৰা বিক্রম–এছ ৰকেট উৎক্ষেপণ
  • ঐতিহাসিক, আমাৰ যুৱৰ অপৰিসীম প্রতিভাৰ সাক্ষ্য বহন কৰে– মোদী

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : ভাৰতীয় মহাকাশ খণ্ডত নৱপ্রভাত৷ দেশৰ প্রথম ব্যক্তিগত ৰকেট বিক্রম–এছ  সফলতাৰে উৎক্ষেপণ কৰাৰ লগে লগে মহাকাশ খণ্ডত ইছৰোই নতুন ইতিহাস সৃষ্টি কৰিলে৷ হায়দৰাবাদস্থিত চাৰি বছৰ পুৰণি ষ্টার্টআপ স্কাইৰুট এৰ’স্পেচৰ দ্বাৰা বিকশিত ব্যক্তিগত খণ্ডৰ প্রথম ৰকেট বিক্রম–এছ শ্রীহৰিকোটাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়৷ ইছৰো আৰু ইন স্পেচ (ইণ্ডিয়ান নেচনেল স্পেচ প্রমোচন এণ্ড অথ’ৰাইজেচন চেণ্টাৰ)ৰ সহযোগত শ্রীহৰিকোটাৰ পৰা সফল উৎক্ষেপণ কৰাৰ পাছতে স্কাইৰুট এৰ’স্পেচৰ সহঃপ্রতিষ্ঠাতা পৱন কুমাৰ চন্দনাই কয়– ভাৰতৰ প্রথম ব্যক্তিগত ৰকেট উৎক্ষেপণ কৰি আজি আমি ইতিহাস গঢ়িলোঁ৷ এয়া হৈছে নতুন ভাৰতৰ প্রতীক আৰু উজ্জ্বল ভৱিষ্যতৰ মাথোঁ আৰম্ভণি৷

আন এগৰাকী সহঃপ্রতিষ্ঠাতা ভাৰত ডাকাই কয় যে ভৱিষ্যতে ইয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ প্রথম উৎক্ষেপণে আমাৰ প্রযুক্তিক প্রমাণিত কৰিছে৷ মহাকাশত মূল্য সৃষ্টি কৰাটো প্রধান৷ আমাৰ বিনিয়োগকাৰীলৈ আমি সক্ষমতা প্রমাণ কৰিবলৈ সক্ষম হৈছোঁ৷ ইতিহাস সৃষ্টি কৰা ব্যক্তিগত খণ্ডৰ ৰকেট বিক্রম–এছ বিকশিত কৰিবলৈ দুবছৰৰ প্রয়োজন হৈছে৷ ২০০জনীয়া অভিযন্তাৰ দল এটাই এই ৰকেটটো প্রস্তুত কৰি উলিয়াইছে৷ ৫,৫৪৫ কিলোগ্রাম ওজনৰ ৬০০ মিটাৰ দৈর্ঘ্যৰ ০.৩৭৫ মিটাৰ ব্যাসৰ এই বিক্রম–এছ ৰকেটটো আন্তর্জাতিক পর্যায়ত অধিক বহনক্ষম ৰকেট হিচাপে পৰিগণিত হৈছে৷ আজি সফলতাৰে উৎক্ষেপণ কৰা বিক্রম–এছ ৰকেটটো তিনিটা পেলোডেৰে কঢ়িওৱা হৈছে৷

অন্ধ্রপ্রদেশস্থিত এন স্পেচ টেক ইণ্ডিয়া, চেন্নাইস্থিত ষ্টার্টআপ স্পেচ কীডছ আৰু আর্মেনিয়ান বাজুমকিউ স্পেচ ৰিছার্চ লেবৰ দ্বাৰা ৰকেট কঢ়িওৱা পেলোড তিনিটা নির্মাণ কৰা হৈছে৷ ভাৰতে মহাকাশ খণ্ডত ব্যক্তিগত ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস ৰচাৰ পাছত ইছৰোসহ দলটোক অভিনন্দন জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে এই উৎক্ষেপণক ভাৰতৰ কাৰণে ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিছে৷ টুইটযোগে স্কাইৰুট এৰ’স্পেচক অভিনন্দন জনাই প্রধানমন্ত্রী মোদীয়ে কয়– ভাৰতৰ ব্যক্তিগত মহাকাশ উদ্যোগ যাত্রাত এয়া হৈছে গুৰুত্বপূর্ণ মাইলৰ খুঁটি৷ ২০২০ চনৰ জুন মাহত ঐতিহাসিক মহাকাশ খণ্ডৰ সংস্কাৰৰ পূর্ণ সুযোগ গ্রহণ কৰি আমাৰ যুৱ প্রজন্মই অপৰিসীম প্রতিভাৰ স্বাক্ষৰ বহন কৰিছে৷

You might also like