নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএছজিৰ হৈ প্রথম গ’ল মেছিৰ

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ অৱশেষত পি এছ জিৰ হৈ প্রথমটো গ’ল স্ক’ৰ কৰিলে আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লি’নেল মেছিয়ে৷ উৱেফা চেম্পিয়নছ লীগৰ মঙলবাৰে নিশা পেৰিছত অনুষ্ঠিত গ্রুপ এৰ উত্তেজনাপূর্ণ মেচখনত মেছি, নেইমাৰ আৰু এমবাপেৰ দৰে তাৰকা খেলুৱৈৰে সমৃদ্ধ পি এছ জিয়ে শক্তিশালী মানচেষ্টাৰ চিটীক ২–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ দুবছৰৰ বাবে চুক্তিবদ্ধ হোৱা মেছিয়ে দলটোৰ হৈ খেলা প্রথম তিনিখন মেচত গ’লৰ মুখ দেখা নাছিল যদিও যোৱানিশাৰ গুৰুত্বপূর্ণ মেচখনত বার্চিলোনাৰ প্রাক্তন তাৰকা ফুটবলাৰগৰাকীয়ে গ’ল স্ক’ৰ কৰি নিজৰ ছন্দ ওভতাই পোৱাৰ ইংগিত দিছে৷ খেলখনৰ ৮ মিনিটত ইদ্রিছা গুৱাই গ’ল স্ক’ৰ কৰি পেৰিছ ছেইণ্ট জার্মেইনক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ অৱশ্যে প্রথমার্ধত মানচেষ্টাৰ চিটীয়ে গ’লটো পৰিশোধ কৰাৰ বাবে চেষ্টা চলাইছিল যদিও সফলতাৰ মুখ নেদেখিলে৷

ইপিনে, প্রথমার্ধত ১–০ গ’লত অগ্রগতি লাভ কৰা পি এছ জিয়ে দ্বিতীয়ার্ধতো মানচেষ্টাৰ চিটীক চাপত ৰাখিবলৈ সক্ষম হয়৷ গ’লৰ সন্ধানত থকা মেছিয়ে ৭৪ মিনিটত দর্শনীয় শ্বটেৰে মানচেষ্টাৰ চিটীৰ গ’ল ৰক্ষকক পৰাভূত কৰে আৰু পি এছ জিক ২–০ গ’লত অগ্রগতি প্রদান কৰে৷ দ্বিতীয়ার্ধত মানচেষ্টাৰ চিটীয়ে পি এছ জিৰ গ’লবক্সলৈ কেইবাটাও শ্বট লৈছিল যদিও আটাইকেইটা শ্বটেই লক্ষ্যভ্রষ্ট হয়৷ পি এছ জিয়ে এতিয়ালৈকে দুখন মেচ খেলি এখনত জয় আৰু এখন ড্র খেলি মুঠ ৪ পইণ্টেৰে গ্রুপ এৰ পইণ্ট তালিকাৰ শীর্ষস্থানত আছে৷

ইফালে, ছাণ্টিয়াগো বের্নাবিউ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ডিৰ মেচখনত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হয় ৰিয়েল মাদ্রিদ৷ শ্বেৰিফৰে খেলা উত্তেজনাপূর্ণ মেচখত ৰিয়েল মাদ্রিদে ১–২ গ’লত পৰাজয় স্বীকাৰ কৰে৷ ২৫ মিনিটত শ্বেৰিফে গ’ল স্ক’ৰ কৰি অগ্রগতি লয় যদিও ৬৫ মিনিটত ৰিয়েল মাদ্রিদৰ কৰিম বেঞ্জামাই পেনাল্টীৰ জৰিয়তে গ’ল স্ক’ৰ কৰি সমতা স্থাপন কৰে৷ অৱশ্যে ৮৯ মিনিটত ছেবাষ্টিয়েন থিলে দুর্দান্ত গ’ল স্ক’ৰ কৰি শ্বেৰিফক ২–১ গ’লত অগ্রগতি প্রদান কৰাই নহয়, দলটোক জয়ৰ সোৱাদ দিয়াত মুখ্য ভূমিকা পালন কৰে৷ আনহাতে, গ্রুপ বিৰ এখন একপক্ষীয় মেচত লিভাৰপুলে পর্টোক ৫–১ গ’লত বিধ্বস্ত কৰাৰ বিপৰীতে গ্রুপ বিৰ আন এখন মেচত এটলেটিকো মাদ্রিদে মিলানক ২–১ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷

You might also like