নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ অক্টোবৰ, আহিন মাহৰ ১৪ তাৰিখ

মেষ: দিনটোত বিশেষ সাৱধানেৰে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
বৃষ: বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ১৷
মিথুন: পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ২৷
কর্কট: পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৭৷
সিংহ: ঘৰুৱাত কিছু ভালেই দেখা যায়৷ দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ প্রেমত আনন্দ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
কন্যা: কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো বুলিও অলপ বাধাপ্রাপ্ত হ’ব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷
তুলা: প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷
বৃশ্চিক: কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৯৷
ধনু: খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১২৷
মকৰ: ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৮৷
কুম্ভ: পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ৪৷
মীন: কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ প্রেম–প্রণয়ত সাময়িক বাধা৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

You might also like