নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ : প্রথমটো দল হিচাপে নকআউটত প্রৱেশ মেক্সিকোৰ

ডিজিটেল ডেস্ক, ২০ জুন : আয়োজক দল মেক্সিকোৱে চলিত বিশ্বকাপত প্রথমটো দল হিচাপে নকআউটত স্থান সুৰক্ষিত কৰিছে৷ গুয়াডালাজাৰাত অনুষ্ঠিত গ্রুপ এৰ তীব্র উত্তেজনাপূর্ণ মেচখনত ঘৰুৱা দল মেক্সিকোৱে দক্ষিণ কোৰিয়াক ১–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰাই নহয়, প্রতিযোগিতাখনৰ নকআউটতো স্থান সুৰক্ষিত কৰে৷ গ্রুপ এত মেক্সিকোৰ এয়া আছিল ক্রমাগত দ্বিতীয় জয়৷ দলটোৱে এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি মুঠ ৬ পইণ্টেৰে গ্রুপ এৰ পইণ্ট তালিকাৰ শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে৷

মন কৰিবলগীয়া যে ৪৮টা দলে অংশগ্রহণ কৰা প্রতিযোগিতাখনৰ অন্তিম ৩২ত স্থান লাভ কৰা প্রথমটো দল হিচাপে পৰিগণিত হয় আয়োজক মেক্সিকো৷ ২০২২ চনৰ বিশ্বকাপতো মেক্সিকোৱে অংশগ্রহণ কৰিছিল যদিও গ্রুপ পর্যায়ৰ পৰা বিদায় মাগিছিল৷ শুকুৰবাৰৰ মেচখনত মেক্সিকোৰ জয়ৰ মূলতেই হ’ল লুইছ ৰোমোৰ দর্শনীয় গ’ল৷ উত্তেজনাপূর্ণ খেলখনৰ প্রথমার্ধ গ’লশূন্যভাৱে সমাপ্ত হয়৷ প্রথমার্ধত দুয়োটা দলে গ’ল কৰাৰ বাবে আপ্রাণ চেষ্টা চলায় যদিও সফলতাৰ মুখ নেদেখিলে৷ অৱশ্যে দ্বিতীয়ার্ধত মেক্সিকোৱে ঘৰুৱা দর্শকৰ সমর্থনত অধিক উজ্জীৱিত খেল দাঙি ধৰে৷ গ’লৰ সন্ধানত থকা দলটোৱে ৫০ মিনিটত বৃহৎ সফলতাটোৰ মুখ দেখে৷ গ’লৰক্ষক কিম চেউন–গ্যুৰৰ ভুলৰ বাবেই দক্ষিণ কোৰিয়াই মেচখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয়৷

দক্ষিণ কোৰিয়াৰ গ’লৰক্ষকগৰাকীয়ে ডিফেণ্ডাৰ লী হি–হ্যুকৰ সৈতে সংঘর্ষৰ ফলত বিপজ্জনক এলেকাত বলটো আয়ত্ত কৰাত ব্যর্থ হোৱাৰ সময়তে লুইছ ৰোমোৱে পোনে পোনে নেটলৈ ঠেলি দিয়ে৷ অৱশ্যে ৮৭ মিনিটত দক্ষিণ কোৰিয়াই গ’লটো পৰিশোধ কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিছিল৷ মেক্সিকোৰ গ’লৰক্ষক ৰাউল ৰেংগেলে দক্ষিণ কোৰিয়াৰ চ গুই–চাঙে হেড কৰি মাৰি পঠিওৱা বলটো আয়ত্ত কৰি দলটোক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিল৷ পৰৱর্তী সময়ত দক্ষিণ কোৰিয়াই গ’লটো পৰিশোধ কৰাৰ বাবে আন কেইবাটাও প্রচেষ্টা চলাইছিল যদিও সফলতাৰ মুখ নেদেখিলে৷ ফলত একেৰাহে দুখন মেচত বিজয় সাব্যস্ত কৰি নকআউটত স্থান সুৰক্ষিত কৰে মেক্সিকোৱে৷ গ্রুপ এত দক্ষিণ কোৰিয়াই দুখন মেচৰ পৰা তিনি পইণ্ট সংগ্রহ কৰি দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে৷

You might also like